অসম

assam

ETV Bharat / bharat

প্ৰতিবাদী কৃষকৰ ট্ৰেক্টৰ ৰেলীঃ প্ৰতিবাদ ৰোধৰ বাবে কন্দুৱা গেছ নিক্ষেপ আৰক্ষীৰ - কৃষকৰ ট্ৰেক্টৰ ৰেলী

এফালে গণৰাজ্য দিৱস উদযাপন । আনফালে কৃষি আইন বাতিলৰ দাবীত প্ৰতিবাদী কৃষকৰ ট্ৰেক্টৰ ৰেলী । দিল্লীত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা । প্ৰতিবাদকাৰীলৈ লক্ষ্য কৰি কন্দুৱা গেছ নিক্ষেপ কৰিলে আৰক্ষীয়ে ।

কৃষকৰ প্ৰতিবাদ ৰোধৰ বাবে কন্দুৱা গেছ নিক্ষেপ আৰক্ষীৰ
কৃষকৰ প্ৰতিবাদ ৰোধৰ বাবে কন্দুৱা গেছ নিক্ষেপ আৰক্ষীৰ

By

Published : Jan 26, 2021, 12:14 PM IST

নেশ্যনেল ডেস্ক, ২৬ জানুৱাৰী: ৭২ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে ৰাজধানী দিল্লীত বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে । একে সময়তে কৃষকৰ প্ৰতিবাদে কঁপাইছে দিল্লীৰ ৰাজপথ ।

কৃষকৰ প্ৰতিবাদ ৰোধৰ বাবে কন্দুৱা গেছ নিক্ষেপ আৰক্ষীৰ

আই টি অ', যমুনা দলঙৰ উপৰিও আন সকলোবোৰ গুৰুত্বপূৰ্ণ স্থানত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে । সুৰক্ষাজনিত কাৰণত ঠায়ে ঠায়ে বেৰিকেড লগোৱা হৈছে । আনহাতে, কিছু কিছু স্থানত প্ৰতিবাদকাৰীক বাধা দিবলৈ কন্দুৱা গেছো নিক্ষেপ কৰিছে আৰক্ষীয়ে ।

কৃষকৰ প্ৰতিবাদ ৰোধৰ বাবে কন্দুৱা গেছ নিক্ষেপ আৰক্ষীৰ

গণৰাজ্য দিৱসৰ দিনাই কৃষকসকলে কৃষি আইনৰ বিৰোধিতাৰে দিল্লীৰ কেইবাটাও পথেৰে ট্ৰেক্টৰ ৰেলী উলিওৱাৰ অনুমতি লাভ কৰাৰ পিছতে আৰক্ষী অধিক সষ্টম হোৱা পৰিলক্ষিত হৈছে ।

কৃষকৰ প্ৰতিবাদ ৰোধৰ বাবে কন্দুৱা গেছ নিক্ষেপ আৰক্ষীৰ

যোৱা ২৪ জানুৱাৰীত দিল্লীৰ আৰক্ষী বিষয়া দীপেন্দ্ৰ পাঠকে কৈছিল যে, কৃষকৰ ট্ৰেক্টৰ ৰেলীৰ বাবে সীমান্তৰ তিনিটা স্থান সংযোগী তিনিটা পথ নিৰ্ধাৰণ কৰি দিয়া হৈছে । তেওঁ জনোৱা মতে, টিক্ৰী, সিন্ধু, গাজিপুৰ সীমান্তৰে প্ৰতিবাদী সমদলে দিল্লীত প্ৰৱেশ কৰিব আৰু প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত পূৰ্বৰ স্থানলৈ উভতি যাব ।

কৃষকৰ প্ৰতিবাদ ৰোধৰ বাবে কন্দুৱা গেছ নিক্ষেপ আৰক্ষীৰ

সিন্ধু সীমান্তৰ পৰা কৃষকে ট্ৰেক্টৰ ৰেলী কাঞ্জাৱালা,বাৱানা,ঔচান্দী সীমান্ত,কে এম পি পথেৰে উলিয়াব । তেওঁ লগতে কয় যে,টিক্ৰী সীমান্তৰ পৰা কৃষকে নাজাফগড় আৰু পশ্চিম পেৰিফাৰেল পথেৰে ৰেলী উলিয়াব ।

কৃষকৰ প্ৰতিবাদ ৰোধৰ বাবে কন্দুৱা গেছ নিক্ষেপ আৰক্ষীৰ

আনহাতে, গাজিপুৰ সীমান্তৰ পৰা কুণ্ডিল-গাজিপুৰ-পালৱাল পথেৰে ট্ৰেক্টৰ ৰেলী উলিয়াব কৃষকে । ইফালে, বিদ্যুৎ বিতৰণ কোম্পানীক 'ন্যায়ৰ বাবে শিখ' নামৰ সংগঠনটোৱে ভাবুকি দিয়াৰ পিছতে দিল্লী আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে ।

কৃষকৰ প্ৰতিবাদ ৰোধৰ বাবে কন্দুৱা গেছ নিক্ষেপ আৰক্ষীৰ

লগতে পঢ়ক:6 গৰাকী চিবিআই বিষয়ালৈ ৰাষ্ট্ৰপতিৰ পদক

ABOUT THE AUTHOR

...view details