অসম

assam

কোৱাৰেন্টাইনত থকা মুখ্যমন্ত্ৰীকে ধৰি মৃত্যুমুখত পৰা বিধায়ক: কোভিড-19 বিৰুদ্ধে ভাৰতীয় ৰাজনৈতিক নেতা

By

Published : Jul 14, 2020, 4:28 AM IST

ভাৰতে কৰ'ণা ভাইৰাছৰ সংক্ৰমণত চোকা গতিৰ সন্মুখীন হৈছে ৷ সাধাৰন লোকৰ পৰা আৰম্ভ কৰি ৰাজনৈতিক সকলো এই মাৰাত্মক ভাইৰাছৰ কৱলৰ পৰা সাৰি যোৱা নাই ৷ দেশৰ বহুসংখ্যক ৰাজনৈতিক নেতা এই ভাইৰাছৰ কৱলত পৰিছে ৷

কোৱাৰেন্টাইনত থকা মুখ্যমন্ত্ৰীকে ধৰি মৃত্যুমুখত পৰা বিধায়ক
কোৱাৰেন্টাইনত থকা মুখ্যমন্ত্ৰীকে ধৰি মৃত্যুমুখত পৰা বিধায়ক

নিউজ ডেস্ক, 14 জুলাই :কোভিড-19ৰ কথা আহিলেই এই বিপদৰ পৰা কোনো সাৰি যোৱা নাই ৷ বিশেষকৈ ভাৰতৰ ৰাজনৈতিক নেতাসকলৰ ভিতৰত শেহতীয়াকৈ এই মাৰাত্মক ভাইৰাছত আক্ৰান্ত হৈছে কৰ্নাটকৰ পৰ্যটন মন্ত্ৰী চিটি ৰভি ৷ কোৱাৰেন্টাইনত থকা মুখ্যমন্ত্ৰীৰ পৰা মৃত্যুমুখত পৰা বিধায়কলৈ, এই মাৰাত্মক ভাইৰাছে ভাৰতীয় ৰাজনৈতিক নেতাসকলৰ মাজত একপ্ৰকাৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে ৷

ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনে নিজকে আছুতীয়াকৈ ৰাখিছিল যেতিয়া তেওঁৰ কেবিনেটৰ মন্ত্ৰী মিথিলেছ ঠাকুৰ জেএমএমৰ বিধায়ক মথুৰা মাহাতো মাৰাত্মক ভাইৰাছৰ কৱলত পৰিছিল ৷ চোৰেনে টুইট কৰি, দুয়োগৰাকী নেতাকে চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ লগতে নিয়ম অনুসৰি, নিজকে আছুতীয়াকৈ ৰখাৰ লগতে গুৰুত্বপূৰ্ণ কাম-কাজসমূহ কৰি যোৱাৰ কথা প্ৰকাশ কৰিছিল ৷ পৰৱৰ্তী সময়ত চোৰেন আৰু তেওঁৰ পত্নীৰ ফলাফল নিগেটিভ আছিল ৷ চোৰেন হৈছে ভাৰতৰ ক্ষমতাশালী ৰাজনৈতিকসকলৰ অন্যতম যিয়ে এই ভাইৰাছৰ আওঁতালৈ আহিছিল ৷

বিহাৰৰ মুখ্যমন্ত্ৰী নিতীশ কুমাৰো এই ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংস্পৰ্শলৈ আহিছিল ৷ তেওঁ এক সভাত এগৰাকী কোভিড-19 নেতাৰ সৈতে একেলগে আসন গ্ৰহণ কৰিছিল ৷ চৰকাৰী বাসভৱনত থকা কুমাৰৰ ভতিজী কোভিড-19 পজিটিভ হোৱাৰ পিচতে সমগ্ৰ বাসভৱনটো ছেনিটাইজ কৰা হৈছিল ৷

দিল্লীৰ স্বাস্থ্যমন্ত্ৰী সৈতেন্দ্ৰ জৈন কোভিড-19 পজিটিভ হোৱাৰ পিচতেই মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে নিজকে বাসগৃহত আছুতীয়াকৈ ৰাখিছিল ৷ অৱশ্যে তেওঁৰ ফলাফল নিগেটিভ আহিছিল ৷ সৈতেন্দ্ৰ জৈনক মাক্স হস্পিতালত ভৰ্তি কৰোৱা হৈছিল ৷

জুন মাহত, উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী ত্ৰীৱেন্দ্ৰ সিং ৰাৱাটকো কোৱাৰেন্টাইনত ৰখা হৈছিল ৷ তেওঁৰ চৰকাৰৰ পৰ্যটন মন্ত্ৰী সতপাল মহাৰাজে এখন কেবিনেট সভাত অংশগ্ৰহণ কৰাৰ পিচতেই তেওঁৰ কোভিড-19 ফলাফল পজিটিভ আহিছিল ৷

আৰু এয়া কেৱল মাত্ৰ মুখ্যমন্ত্ৰীসকলেই নহয়, যিয়ে কোভিড-19ৰ ভয়াৱহতাৰ কৱলত পৰিছে ৷ ইয়াৰ পৰিসৰ ৰাজভৱনসমূহলৈ বিয়পি পৰিছিল ৷ তেলেংগানাৰ ৰাজভৱনৰ 28 গৰাকী সুৰক্ষা কৰ্মী, ৰাজ্যপালৰ চৰকাৰী কাৰ্যালয়ৰ বিভিন্ন বিভাগৰ কৰ্মচাৰীকে ধৰি মুঠ 48 গৰাকী লোক কোভিড-19 পজিটিভ হৈছিল ৷ অৱশ্যে ৰাজ্যপাল তামিলিছাই সুন্দৰাৰাজনৰ ফলাফল নিগেটিভ আহিছিল ৷ অসমৰ ৰাজ্যপালৰ গুৱাহাটীস্থিত চৰকাৰী বাসভৱনো কোভিড-19ৰ সংস্পৰ্শত অহাৰ বাবে লকডাউনত আছিল ৷

দেশৰ 8,78,254 গৰাকী লোকৰ ভিতৰত অধিকাংশ মন্ত্ৰী আছিল যিয়ে এই ভাইৰাছৰ কৱলত পৰিছে ৷ ইয়াৰ ভিতৰত দিল্লীৰ স্বাস্থ্যমন্ত্ৰী সৈতেন্দ্ৰ জৈনকে ধৰি, তেলেংগানা চৰকাৰৰ এগৰাকী শীৰ্ষ মন্ত্ৰী, মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুুখ্যমন্ত্ৰী অশোক চাভন, সামাজিক ন্যায় মন্ত্ৰী ধনঞ্জয় মুন্দে, গৃহ উন্নয়ন মন্ত্ৰী জীতেন্দ্ৰ অৱহাড়, কৰ্নাটকৰ পৰ্যটনমন্ত্ৰী চিটি ৰভি, উত্তৰ প্ৰদেশৰ খেল আৰু যুৱ পৰিক্ৰমা বিভাগৰ ৰাজ্যিক (স্বতন্ত্ৰ) মন্ত্ৰী উপেন্দ্ৰ তিৱাৰী কোভিড-19 পজিটিভ হৈছিল ৷

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীৰ বাহিৰেও ৰাজ্যখনৰ হৰক সিং ৰাৱাট, মদন কৌশিক আৰু সুবোধ উন্নিয়ালকো কোৱাৰেন্টাইন কৰি ৰখা হৈছিল ৷

মন্ত্ৰীৰ উপৰিও সাংসদ আৰু দলীয় মুখপাত্ৰও এই ভাইৰাছৰ পৰা বাচি যোৱা নাই ৷ বিজেপি সাংসদ জ্যোতিৰাদিত্য সিন্ধিয়া, বিজেপিৰ মুখপাত্ৰ সম্বিত পাত্ৰ আৰু আম আদমি পাৰ্টীৰ মুখপাত্ৰ অতিশি মাৰলিনাও কোভিড-19ত আক্ৰান্ত হৈছিল ৷ অসমৰ শিলচৰ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ সুস্মিতা দেৱ, বৰপেটা লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ চিৰাজুদ্দিন আজমল, ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ বদৰুদ্দিন আজমল, শদিয়াৰ বিধায়ক বলীন চেতিয়া আৰু বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ বিধায়ক নাৰায়ন ডেকা তথা তেওঁৰ কন্যা, গাড়ীচালক আৰু দুগৰাকী ব্যক্তিগত সুৰক্ষাকৰ্মী কোভিড-19ত আক্ৰান্ত হৈছিল ৷

অধিকাংশই এই ভাইৰাছৰ কৱলৰ পৰা আৰোগ্য লাভ কৰে যদিও কিছুসংখ্যকে এই ভাইৰাছৰ আগত সেওঁ মানে ৷ বিজেপি দলৰ প্ৰাক্তন সাংসদ হৰিভাউ জাৱাল আৰু তৃণমুল কংগ্ৰেছৰ বিধায়ক তামোনাশ ঘোষ এই ভাইৰাছৰ চিকাৰ হয় ৷

লগতে পঢ়কঃদেশত দ্ৰুতগতিত বৃদ্ধি পাইছে কোভিড-19 আৰোগ্যৰ সংখ্যা

ABOUT THE AUTHOR

...view details