নগাঁও, ২৪ জানুৱাৰী: নগাঁও জিলাৰ কলিয়াবৰৰ নিজ-চিলাবন্ধা গাঁৱত উদ্ধাৰ হৈছে এডাল প্ৰকাণ্ড অজগৰ । অঞ্চলটোৰ জংঘলৰ মাজত স্থানীয় লোক এজনে প্ৰত্যক্ষ কৰাত সকলোকে অৱগত কৰে আৰু স্থানীয় ৰাইজৰ সহযোগত অজগৰডাল উদ্ধাৰ কৰি বন বিভাগৰ লোকক খবৰ দিয়ে ।
খবৰট অৱগত হৈ ঘটনাস্থলীত উপস্থিত হোৱা বন বিভাগৰ লোকে পৰৱৰ্তী সময়ত শিলঘাটৰ কামাখ্যা সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিয়ে অজগৰডাল ।