অৰ্থনৈতিক সংস্কাৰৰ সময়ত টেলিকম খণ্ড অন্যতম আধাৰশিলা আছিল । ভাৰতৰ জনমূৰি আয়ত টেলিকম খণ্ডৰ প্ৰায় ৬.৫ শতাংশ অংশ থকাৰ লগতে ৫ জি বিপ্লৱৰ পাছত ৮.২ শতাংশলৈ বৃদ্ধি পাব বুলি আশা কৰা হৈছিল । কিন্তু উচ্চতম ন্যায়ালয়ৰ শেহতীয়া নিৰ্দেশে টেলিকম খণ্ডলৈ সংকট নমাই আনিছে । ২০১৯ চনৰ অক্টোবৰত উচ্চতম ন্যায়ালয়ে টেলিকম কোম্পানীসমূহক ২৩ জানুৱাৰীৰ সময়সীমা বান্ধি দি ১.৪৭ লাখ কোটি টকা আদায় দিবলৈ নিৰ্দেশ প্ৰদান কৰে । উচ্চতম ন্যায়ালয়ৰ তিনিজনীয়া বিচাৰপীঠে অক্টোবৰৰ নিৰ্দেশক প্ৰত্যাহ্বান জনোৱা এক আবেদন খাৰিজ কৰে । উদ্যোগ খণ্ডটোৱে আন এখন আবেদন দাখিল কৰাৰ চিন্তা-চৰ্চা কৰিছে কিয়নো কোম্পানীসমূহে ইতিমধ্যে ২৯-৩২ শতাংশ কৰ আৰু শুল্কৰ বোজা বহন কৰি আহিছে । কেন্দ্ৰীয় চৰকাৰে ২০১৯ চনৰ জুলাই মাহত দাখিল কৰা এক প্ৰতিবেদন মতে এয়াৰটেলে ২১,৬৮২ কোটি টকা আদায় দিব লাগিব । ভ'ডাফোনে ১৯,৮২৩ কোটি টকা, ৰিলায়েঞ্চ কমিউনিকেশ্বনে ১৬,৪৫৬ কোটি, এমটিএনএলে ২৫৩৭ কোটি আৰু বিএছএনএলে ২০৯৮ কোটি টকা অনুজ্ঞাপত্ৰৰ মাচুল দিব লাগিব । অপাৰেটৰসমূহে এজিআৰ অৰ্থাৎ এডজাষ্টেড গ্ৰচ্ ৰেভিনিউ আদায় দিবলৈ মান্তি হৈছে যদিও চৰকাৰৰ এজিআৰৰ সংজ্ঞা মানি লোৱা নাই । যেতিয়া টেলিকম অপাৰেটৰসমূহে আকাশলংঘী অনুজ্ঞাপত্ৰ মাচুল দিবলৈ সমস্যাৰ সন্মুখীন হৈছিল তেতিয়া চৰকাৰে আৰ্থিক সংস্কাৰৰ অংশ স্বৰূপে ৰেহাই প্ৰদান কৰিছিল । কিন্তু শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে কৈছে যে বহু পৰিমাণে লাভ আদায় কৰা কোম্পানীসমূহেও সঠিক ৰাজহৰ তথ্য চৰকাৰৰ ওচৰত প্ৰকাশ কৰা নাই । এনে পৰিৱেশত ভ'ডাফোনৰ দৰে অপাৰেটৰে ব্যৱসায় বন্ধ কৰিব লগা হ'ব পাৰে বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে ।
ৰোগাক্ৰান্ত টেলিকম খণ্ডক ক্ষীপ্ৰতাৰে সুস্থ কৰিবলৈ ১৯৯৯ চনত বাজপেয়ী চৰকাৰে কিছু ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছিল । ফলস্বৰূপে নতুন টেলিকম নীতি প্ৰৱৰ্তন কৰা হৈছিল । এই নতুন নীতি অনুসৰি টেলিকম কোম্পানীসমূহে ৰাজহৰ লগতে বহু বছৰীয়া অনুজ্ঞাপত্ৰ মাচুলৰ পৰিৱৰ্তে প্ৰথমে এবাৰৰ বাবে প্ৰৱেশৰ মাচুল দিব লাগে । ২০১৩ চনত চৰকাৰে এজিআৰ ১৫ শতাংশৰ পৰা ৮ শতাংশলৈ হ্ৰাস কৰে । টেলিকম অপাৰেটৰসকলৰ সমূহীয়া ৰাজহ ২০০৪ চনত ৪৮৫৫ কোটি টকা থকাৰ বিপৰীতে ২০১৫ চনত ২,৩৮,০০০ কোটি টকালৈ বৃদ্ধি পায় । চৰকাৰে ইয়াৰ খচৰা নীতিত এজিআৰৰ সংজ্ঞা স্পষ্টভাৱে নিৰূপণ কৰিছে । অপাৰেটৰসকলে প্ৰথমে এই নীতি মানি লৈছিল যদিও শেহতীয়াকৈ ওলোটা খৰ মাৰে । বৰ্তমানৰ ন্যায়িক বিতৰ্কৰ এয়াই কাৰণ । জিঅ’ই আঠ টকাত এক জিবি ডাটা প্ৰদান কৰাৰ ফলত আন অপাৰেটৰসকলে ২০১৭-১৯ৰ সময়ছোৱাত ২৫ শতাংশ লোকচানৰ সন্মুখীন হয় । ২০১৫ চনৰ জনমূৰি ৰাজহ ১৭৪ টকাৰ পৰা অলপতে ১১৩ টকালৈ হ্ৰাস পাইছে । এনে এক পৰিস্থিতিত ১,৪০,০০০ কোটি টকাৰ ঋণৰ বোজাই টেলিকম খণ্ডত গভীৰ সংকটৰ সৃষ্টি কৰিছে । ৫ জি প্ৰযুক্তি কৃত্ৰিম বুদ্ধিমত্তাৰ এই সময়ত টেলিকম খণ্ড আৰু চৰকাৰ, দুয়োপক্ষই যাতে লোকচান ভৰিবলগীয়া নহয় তাৰ বাবে সঠিক সিদ্ধান্তত উপনীত হোৱাৰ প্ৰয়োজন আহি পৰিছে ।