অসম

assam

দিল্লীৰ প্ৰতিবাদত কোন-কোন অভিনেতা জড়িত আছে ?

By

Published : Jan 28, 2021, 9:32 AM IST

দিল্লীৰ লালকিল্লাত সংঘটিত হোৱা ঘটনাত সাঙোৰ খাই পৰিছে দুজনকৈ পাঞ্জাৱী অভিনেতাৰ নাম ৷ পাঞ্জাৱী অভিনেতা দীপ সিন্ধু আৰু গেংষ্টাৰ লাক্কা সাদানাৰ নামত ৰুজু কৰা হৈছে গোচৰ ৷

দিল্লীৰ প্ৰতিবাদত কোন-কোন অভিনেতা জড়িত আছে ?
দিল্লীৰ প্ৰতিবাদত কোন-কোন অভিনেতা জড়িত আছে ?

নিউজ ডেস্ক,28জানুৱাৰী: ২৬ জানুৱাৰীত দিল্লীৰ লালকিল্লাত সংঘটিত হোৱা হিংসাত্নক ঘটনাৰ সৈতে নাম সাঙোৰ খাই পৰিছে দুজনকৈ পাঞ্জাৱী অভিনেতাৰ নাম ৷ পাঞ্জাৱী অভিনেতা দীপ সিন্ধু আৰু গেংষ্টাৰ লাক্কা সাদানাৰ নামত ৰুজু কৰা হৈছে গোচৰ ৷ লালকিল্লাত কৃষকৰ পতাকা উত্তোলন কৰাৰ সময়ত দীপ সিন্ধুয়ে ফেচবুক লাইভ কৰিছিল আৰু সেই লাইভতে সিন্ধুৱে প্ৰকাশ কৰিছিল যে,আমি প্ৰতিবাদ সাব্যস্ত কৰাটো আমাৰ গণতান্ত্ৰিক অধিকাৰ সেয়ে আমি লালকিল্লাত কৃষকৰ পতাকা উত্তোলন কৰিছো ৷ বুধবাৰে দিল্লী আৰক্ষীয়ে দীপ এই ঘটনাৰ সৈতে জড়িত বুলি প্ৰকাশ কৰে ৷

উল্লেখ্য যে,মংগলবাৰ অৰ্থাৎ গণৰাজ্য দিৱসৰ দিনা উত্তপ্ত হৈ পৰিছিল দিল্লীৰ ৰাজপথ ৷ দিল্লীৰ ভিন্ন প্ৰান্তত কৃষকৰ টেক্টৰ ৰেলীৰে সাব্যস্ত কৰা হৈছিল উত্তাল প্ৰতিবাদ ৷ প্ৰতিবাদকাৰী সকলক বাধা প্ৰদান কৰাৰ সময়ত আৰক্ষীৰ সৈতেও হতাহতিত লিপ্ত হৈছিল প্ৰতিবাদকাৰী আৰু আৰক্ষী ৷ দিল্লীৰ লালকিল্লাত ত্ৰিৰংগাৰ সৈতে কৃষকৰ পতাকা উৰুৱাই সাব্যস্ত কৰা হৈছিল উত্তাল প্ৰতিবাদ ৷ ইফালে,এই ঘটনাৰ সৈতে দুজনকৈ পাঞ্জাৱী অভিনেতাৰ নাম সাঙোৰ খাই পৰিছে ৷ আৰক্ষী উপায়ুক্ত চিন্ময় বিছৱালে বুধবাৰে সংযুক্ত কিষান মৰ্চা,দৰ্শন পালক প্ৰতিবাদ সন্দৰ্ভত উত্তৰ দিবলৈ আহ্বান জনাইছিল যে,গণৰাজ্য দিৱসত প্ৰতিবাদী পথ সম্পৰ্কে চুক্তি ভংগ কৰাৰ বাবে তেওঁৰ আৰু তেওঁৰ সহযোগীসকলৰ বিৰুদ্ধে কিয় ব্যৱস্থা গ্ৰহণ কৰা উচিত নহয় । পৰৱৰ্তী তিনি দিনৰ ভিতৰত সংযুক্ত কিষান মৰ্চা,দৰ্শন পালক উত্তৰ দিবলৈ কোৱা হৈছে ৷

প্ৰাপ্ত খবৰ অনুসৰি,মংগলবাৰে কৃষকৰ ট্ৰেক্টৰ ৰেলীৰ সময়ত সংঘটিত হোৱা হিংসাৰ বাবে বৰ্তমানলৈকে ১৯ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু দিল্লী আৰক্ষীয়ে ৰুজু কৰিছে ২৫ ৰো অধিক গোচৰ,আৰক্ষী আয়ুক্ত এছ এন শ্ৰীবাস্তৱে বুধবাৰে প্ৰকাশ কৰে এই কথা ৷

অন্য এক খবৰৰ বাবে: অন্ধ্ৰ প্ৰদেশত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা

ABOUT THE AUTHOR

...view details