পঞ্জাৱত একেটা পৰিয়ালৰে পাঁচগৰাকীক হত্যা
পঞ্জাৱৰ মোগা চহৰত একেটা পৰিয়ালৰে পাঁচজনকৈ লোকক গুলীয়াই হত্যা কৰে পৰিয়ালটোৰে এগৰাকী সদস্যই ৷ শনিবাৰে সংঘটিত হোৱা ঘটনাটোত হত্যাকাৰী লোকজনেও আত্মহত্যা কৰে ৷
নিউজ ডেস্ক, 3 আগষ্টঃ পঞ্জাৱত শনিবাৰে সংঘটিত হয় এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা ৷ একেটা পৰিয়ালৰে পাঁচজনকৈ লোকক গুলীয়াই হত্যা কৰে সন্দীপ সিং নামৰ 27 বছৰীয়া যুৱকজনে ৷ পঞ্জাৱৰ বাঘপুৰানা আৰক্ষী চকীৰ অন্তৰ্গত নাথুৱালত সংঘটিত হৈছে এই ঘটনা ৷ সন্দীপে নিজৰ আইতাক, দেউতাক, মাক আৰু ভনীয়েকৰ লগতে তিনিবছৰীয়া ভাগিনীয়েকক গুলীয়াই হত্যা কৰে ৷ আনহাতে পৰিয়ালৰ আটাইকেইগৰাকী লোককে হত্যা কৰাৰ পিচত ৰিভলভাৰেৰে গুলীয়াই আত্মহত্যা কৰে সন্দীপ সিঙে ৷ ঘটনাত সন্দীপৰ ককাক কিছু পৰিমানে আঘাতপ্ৰাপ্ত হয় ৷ ইতিমধ্যে ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে এক গোচৰ ৰুজু কৰিছে ৷