নেশ্যনেল ডেস্ক, 23 অক্টোবৰ:ছয় বছৰীয়া শিশুক ধৰ্ষণ কৰি জ্বলাই দিয়াৰ অভিযোগত পঞ্জাবত গণৰোষৰ সন্মুখীন হ’ল এজন লোক আৰু তেওঁৰ ককাদেউতাক ৷ ক্ষুব্ধ জনতাৰ দলটোৱে শুকুৰবাৰে আৰক্ষীৰ জিম্মাত থকা অভিযুক্ত লোকজনৰ লগতে তেওঁৰ ককাদেউতাকক আক্ৰমণৰ লক্ষ্য কৰি লয় ৷ ৰাইজৰ অভিযোগ, অভিযুক্ত লোকজনে পঞ্জাৱৰ টাণ্ডা চহৰৰ এগৰাকী প্ৰৱাসী শ্ৰমিকৰ ছয় বছৰীয়া কন্যাক ধৰ্ষণ কৰি জ্বলাই দিছে ৷
বৃহস্পতিবাৰে সংঘটিত এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কয় যে ধৰ্ষণকাৰী জনে শিশুটিক হত্যা কৰি জ্বলাই দিয়ে আৰু শিশুটিৰ আধা জ্বলা শৰীৰ অভিযুক্ত লোকজনৰ ঘৰৰ পৰাই উদ্ধাৰ কৰা হৈছে ৷ ঘটনা সন্দৰ্ভত ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগে ৰাজ্যখনৰ পৰা তিনি দিনৰ ভিতৰত কাৰণ দৰ্শাই এক প্ৰতিবেদন বিচাৰিছে ৷ আৰক্ষীয়ে কয় যে শিশুটিৰ আধা জ্বলা শৰীৰটো হুচিয়াৰপুৰ জিলাৰ টাণ্ডাৰ জালালপুৰস্থিত অভিযুক্তৰ ঘৰৰ পৰা বৃহস্পতিবাৰে আবেলি উদ্ধাৰ কৰা হৈছে ৷