অসম

assam

ETV Bharat / bharat

পঞ্জাৱৰ প্ৰতি কেন্দ্ৰৰ বৈষম্যৰ অভিযোগ কংগ্ৰেছৰ - শিৰোমণি অকালী দল

Covid-১৯ ৰ সংকটৰ মাজতেই সাহায্য বিতৰণক লৈ অভিযোগ-প্ৰতিঅভিযোগ ৰাজনৈতিক দলৰ । মোডী চৰকাৰে সাহায্য় বিতৰণৰ ক্ষেত্ৰত পঞ্জাৱক বৈষম্য কৰা বুলি অভিযোগ উত্থাপন কৰি কংগ্ৰেছী নেতাৰ জাতীয় পতাকা উৰুৱাই প্ৰতিবাদ ।

Punjab Cong leaders hoist Tricolour against Centre's discrimination
Punjab Cong leaders hoist Tricolour against Centre's discrimination

By

Published : May 2, 2020, 9:13 AM IST

নিউজ ডেস্ক, ২ মে': Covid-১৯ ৰ সংকটৰ মাজতেই কেন্দ্ৰৰ পৰা ৰাজ্য সমূহলৈ দিয়া বিত্তীয় সাহায্যত বৈষম্য কৰা বুলি অভিযোগ কংগ্ৰেছৰ । সাহায্য় বিতৰণৰ নামত পঞ্জাৱক বৈষম্য কৰা বুলি অভিযোগ উত্থাপন কৰি শুকুৰবাৰে পঞ্জাৱৰ কংগ্ৰেছৰ নেতাৰ প্ৰতিবাদ । ঘৰৰ মূধচত জাতীয় পতাকা উত্তোলন কৰি প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছৰ নেতাগৰাকীয়ে ।

অৱশ্যে কংগ্ৰেছ নেতাৰ এই কাৰ্যক গৰিহণা দিয়ে শিৰোমণি অকালী দলে । কংগ্ৰেছে বিভাজন আৰু ৰাজনৈতিক স্বাৰ্থ লাভত জাতীয় পতাকাৰ ব্যৱহাৰ কৰিছে বুলি কয় অকালী দলটোৱে ।

ইয়াৰ এদিন পূৰ্বেও পঞ্জাৱৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে কৰ'ণা যোদ্ধাৰ সৈতে মে' দিৱস পালনৰ ৰাজ্য়িক কংগ্ৰেছৰ সিদ্ধান্তৰ সৈতে সামঞ্জস্য ৰাখি কেন্দ্ৰৰ দ্বাৰা কথিত বৈষম্যৰ বিৰুদ্ধে প্ৰতিবাদৰ চিহ্ন হিচাপে জাতীয় পতাকা উৰুৱাই প্ৰতিবাদ সাব্যস্ত কৰিছিল ।

পঞ্জাৱ কংগ্ৰেছ কমিটিৰ প্ৰমুখ্য সুনীল জাখৰে তেওঁৰ বাসগৃহত জাতীয় পতাকা উত্তোলন কৰি নিজৰ প্ৰতিবাদ সাব্যস্ত কৰে । পঞ্জাৱৰ বিৰুদ্ধে বৈষম্য কৰা বুলি অভিযোগ উত্থাপন কৰি ৰাজ্যখনৰ বৈধ দাবী সমূহৰ বাবেই এই প্ৰতিবাদ কৰা বুলি উল্লেখ কৰে । লগতে শ্ৰমিক সকলক মে' দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি কংগ্ৰেছ চৰকাৰে সদায় জাতি-বৰ্ণ নিৰ্বিশেষে সেৱাৰ বাবে প্ৰতিবদ্ধ বুলি কয় । লগতে অমৰিন্দৰ সিঙৰ নেতৃত্বত পঞ্জাৱে কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজত জয়ী হ'বলৈ যুঁজি আছে, পঞ্জাৱে পতাকা উত্তোলন কৰিছে আৰু এইটোৱে ৰাজ্য চৰকাৰৰ একতা আৰু চৰকাৰৰ চেষ্টাৰ বহিঃপ্ৰকাশ কৰিছে ।

কেন্দ্ৰৰ মোডী চৰকাৰৰ আচৰণ পঞ্জাৱৰ প্ৰতি বৈষম্য়মূলক । বিত্তীয় সাহায্য় প্ৰদান কৰাৰ পৰিৱৰ্তে কেন্দ্ৰই পঞ্জাৱ চৰকাৰক সময় উপযোগী উচিত অংশও দিয়া নাই বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে ৰাজ্যখনৰ কংগ্ৰেছ নেতাৰ দ্বাৰা । পঞ্জাৱে ভিক্ষা খুজা নাই কিন্তু নিজৰ অধিকাৰৰ অংশৰ বাবেহে যুঁজিছে বুলিও উল্লেখ কৰে ।

এই সন্দৰ্ভত বিজেপিৰ ৰাষ্ট্ৰীয় সচিব তৰুণ চুগে কয়, কংগ্ৰেছ চৰকাৰে পঞ্জাৱত দৰিদ্ৰক সহায় কৰাত সম্পূৰ্ণ ৰূপে বিফল হৈছে । ৬৬,০০০ মেট্ৰিক টনতকৈ অধিক খাদ্য় ১.৪০ কোটি লোকৰ বাবে পঞ্জাৱলৈ প্ৰেৰণ কৰা হৈছিল । কিন্তু ৰাজ্য চৰকাৰখনে বৰ্তমানলৈ এইবোৰ বিতৰণ কৰা নাই । লগতে এই সকলোবোৰ অভিযোগ খণ্ডন কৰি কয়, কেন্দ্ৰই পঞ্জাৱক বিত্তীয় সাহায্য় প্ৰদানৰ নামত ৩,৪৪৫ কোটি টকা মুকলি কৰি দিছে ।

ABOUT THE AUTHOR

...view details