অসম

assam

ETV Bharat / bharat

২৪ জুনত পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ সৰ্বদলীয় বৈঠক - পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিং

লকডাউনৰ মাজতে পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে কৃষিক্ষেত্ৰৰ বাবে ২৪ জুনত এক সৰ্বদলীয় বৈঠক আহ্বান কৰে । কৃষকসকলৰ বাবে বিশেষ আঁচনি গ্ৰহণ কৰাৰ ক্ষেত্ৰত সকলো দলৰ ৰায় আৰু মতামত গ্ৰহণ কৰিবলৈ এই বৈঠকৰ আহ্বান ৷

punjab-cm-calls-all-party-meet-on-ordinances-related-to-farm-sector
punjab-cm-calls-all-party-meet-on-ordinances-related-to-farm-sector

By

Published : Jun 21, 2020, 5:02 PM IST

নিউজ ডেস্ক, ২১ জুন :লকডাউনৰ মাজতে পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে কৃষিক্ষেত্ৰৰ বাবে ২৪ জুনত এক সৰ্বদলীয় বৈঠক আহ্বান কৰে । কৃষকসকলৰ বাবে বিশেষ আঁচনি গ্ৰহণ কৰাৰ ক্ষেত্ৰত সকলো দলৰ ৰায় আৰু মতামত গ্ৰহণ কৰা হ'ব বুলি চৰকাৰী সূত্ৰই জানিব দিয়ে ।

বহুজাতিক কোম্পানীসমূহে কৃষকৰ ওপৰত কৰা শোষণ আৰু লুন্ঠনৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সহযোগ অনুসৰি নতুন অধ্যাদেশ জাৰি কৰিবলৈ এই বৈঠকৰ আয়োজন চৰকাৰৰ । কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে কৃষকৰ উৎপাদন, বাণিজ্য সম্পৰ্কত বিধেয়ক গৃহীত কৰিছে । আনহাতে, পঞ্জাৱৰ কংগ্ৰেছ দলে জনোৱা অনুসৰি, এই বিধেয়ক ৰাজ্যখনৰ কৃষকৰ পৰিপন্থী হ'ব বুলি মন্তব্য প্ৰদান কৰে । ইতিমধ্যে পঞ্জাৱৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই অধ্যাদেশসমূহ পৰ্যালোচনা কৰাৰ বাবে প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে ।

ABOUT THE AUTHOR

...view details