নিউজ ডেস্ক, 5 অক্টোবৰ: মানৱ সভ্যতাৰ ঘৃণনীয় অপৰাধ হৈছে হত্যা আৰু অধিকাংশ দেশতে এই দুয়ো অপৰাধৰ বাবে প্ৰদান কৰা হয় সৰ্বোচ্চ শাস্তি ৷ ধৰ্ষণ প্ৰমাণিত হ'লে ভাৰতত মৃত্যুদণ্ড পৰ্যন্ত শাস্তি প্ৰদান কৰা হয় ৷ আজীৱন কাৰাদণ্ডও হ'ব পাৰে ৷ তেনেদৰে পৃথিৱীৰ অন্য দেশতো ধৰ্ষণৰ শাস্তি অতি কঠিনভাৱে বিহা হয় ৷ সেই শাস্তিবোৰ কেনেধৰণৰ ?
চীন:
চীনত ধৰ্ষণৰ শাস্তি অতি কঠোৰভাৱে প্ৰদান কৰা হয় ৷ অভিযুক্ত দোষী প্ৰমাণিত হ'লেই প্ৰদান কৰা হয় মৃত্যুদণ্ড ৷ আনহাতে কেতিয়াবা অপৰাধৰ চৰিত্ৰ আৰু গুৰুত্বৰ ওপৰত নিৰ্ভৰ কৰি অপৰাধীৰ যৌনাংগ পৰ্যন্ত কাটি পেলোৱা হয় ৷
নেডাৰলেণ্ড:
নেডাৰলেণ্ডত যৌন উৎপীড়নকো ধৰ্ষণ হিচাপেই ধৰা হয় ৷ আনকি অনুমতিবিহীন চুম্বনো দেশখনত ধৰ্ষণ ৷ অপৰাধৰ গুৰুত্ব আৰু অপৰাধীৰ বয়সৰ ওপৰত ভিত্তি কৰি 4 ৰ পৰা 15 বছৰ পৰ্যন্ত কাৰাদণ্ড হ'ব পাৰে ৷ উল্লেখ্য যে, যৌনকৰ্মী সকলৰ ওপৰত চলা যৌন নিৰ্যাতনক অধিকাংশ দেশতে অপৰাধ বুলি গণ্য কৰা নহয় ৷ কিন্তু মেডাৰলেণ্ডত এই ক্ষেত্ৰতো এৰি দিয়া নহয় অপৰাধীক ৷ হ'ব পাৰে 4 বছৰ পৰ্যন্ত কাৰাদণ্ড ৷
ফ্ৰান্স:
এই দেশত ধৰ্ষণৰ শাস্তি অতি কমেও 15 বছৰৰ কাৰাদণ্ডৰ লগতে, শাৰীৰিক নিৰ্যাতন ৷ নিৰ্যাতিতাৰ ক্ষতিৰ পৰিমাণ লক্ষ্য কৰি শাস্তি প্ৰদান কৰা হয় ৷ 30 বছৰ পৰ্যন্ত যাৱজ্জীৱন কাৰাদণ্ড হ'ব পাৰে ৷
আফগানিস্তান:
আফগানিস্তানত ৰায়দানৰ 4 দিনৰ ভিতৰতে দোষীক শাস্তি প্ৰদান কৰা হয় ৷ জেইল বা ফাঁচী নহয় ৷ ধৰ্ষণকাৰীৰ মূৰত গুলীয়াই মৃত্যুদণ্ড প্ৰদান কৰা হয় ৷
উত্তৰ কোৰিয়া:
ৰাষ্ট্ৰপতি কিমৰ দেশত ধৰ্ষণৰ বিচাৰৰ ক্ষেত্ৰত তিলমানো সময় অপব্যয় কৰা নহয় ৷ শাস্তি অতি দ্ৰুত ৷ ধৰ্ষণকাৰীক ফায়াৰিং স্কোৱাডৰ সন্মুখত ৰখা হয় আৰু গুলীৰে থকাসৰকা কৰি মৃত্যুদণ্ড প্ৰদান কৰা হয় ৷
ৰাছিয়া:
ইয়াত অতি কমেও 3 বছৰৰ কাৰাদণ্ড প্ৰদান কৰা হয় ৷ অপৰাধৰ গুৰুত্বৰ ওপৰত ভিত্তি কৰি 30 বছৰ পৰ্যন্ত শাস্তি হ'ব পাৰে ৷