অসম

assam

ETV Bharat / bharat

পুনেৰ শুল্ক বিভাগৰ দ্বাৰা জব্দ ২.১০ কোটি টকাৰ নিচাজাতীয় সামগ্ৰী

২৪ জুন তথা বুধবাৰে পুনেৰ শুল্ক বিভাগে জব্দ কৰে প্ৰায় ২.১০ কোটি টকাৰ নিচাজাতীয় সামগ্ৰী । লগতে দুখন বাহনসহ আটক কৰে চাৰিজন ব্যক্তিক । বৃহস্পতিবাৰে এক বিবৃতিযোগে এই কথা জানিবলৈ দিয়ে এগৰাকী আৰক্ষী বিষয়াই ।

পুনে
পুনেৰ শুল্ক বিভাগে জব্দ কৰে ২.১০ কোটি টকাৰ নিচাজাতীয় সামগ্ৰী

By

Published : Jun 26, 2020, 3:51 PM IST

নিউজ ডেস্ক, ২৬ জুনঃ মহাৰাষ্ট্ৰৰ পুনেত ২৪ জুন তথা বুধবাৰে নিয়মীয়া তালিচী অভিযানত আৰক্ষীয়ে জব্দ কৰে প্ৰায় ৮৬৮ কিলোগ্ৰাম গাঞ্জা আৰু ৭.৫ কিলোগ্ৰাম "চৰচ" । জব্দ কৰা নিচাজাতীয় সামগ্ৰীৰ মূল্য প্ৰায় ২.১০ কোটি টকা হ'ব বুলি সদৰি কৰে আৰক্ষীয়ে । লগতে নিচাজাতীয় সামগ্ৰী খিনিৰ লগত দুখন বাহনত অহা চাৰিজন ব্যক্তিক আটক কৰে বুলিও বৃহস্পতিবাৰে এক বিবৃতিযোগে জানিবলৈ দিয়ে পুুনেৰ এগৰাকী আৰক্ষী বিষয়াই ।

পুনেৰ শুল্ক বিভাগে জব্দ কৰে ২.১০ কোটি টকাৰ নিচাজাতীয় সামগ্ৰী

বিবৃতিত সদৰি কৰা অনুসৰি, পুনেৰ শুক্ল বিভাগে অন্ধ্ৰ প্ৰদেশৰ পৰা মহাৰাষ্ট্ৰৰ বিভিন্ন স্থানত এই নিচাজাতীয় সামগ্ৰী উপলব্ধ বুলি গোপন সূত্ৰৰ তথ্যৰ ভিত্তিতে খবৰ লাভ কৰে। আৰু তাৰ পাচতে আৰক্ষীয়ে নলদুৰ্গ-ছোলাপুৰ ৰোডত তালাচী অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় এই বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰীখিনি ।

লগতে পঢ়ক : ৰাজ্যত নেৰানেপেৰা বৰষুণ : দীঘলীপুখুৰীৰ পাৰত গছ পৰি পথ বন্ধ

ABOUT THE AUTHOR

...view details