অসম

assam

ETV Bharat / bharat

পুলৱামাৰ সন্ত্ৰাসবাদী আক্ৰমণ:পাকিস্তানী টকা দিয়া হৈছিল পৰিকল্পনাকাৰীক - NIA

পুলৱামাৰ সন্ত্ৰাসবাদী আক্ৰমণত জড়িত থকাৰ অভিযোগত NIA য়ে ১৯ জন অভিযুক্তৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল কৰাৰ পিছতে পোহৰলৈ আহিছে ন ন ঘটনা । প্ৰায় ১০ লাখ পাকিস্তানী টকা পৰিশোধ কৰা হৈছিল পুলৱামাৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনাকাৰীক।

পুলৱামাৰ সন্ত্ৰাসবাদী আক্ৰমণ:পাকিস্তানী টকা দিয়া হৈছিল পৰিকল্পনাকাৰীক
পুলৱামাৰ সন্ত্ৰাসবাদী আক্ৰমণ:পাকিস্তানী টকা দিয়া হৈছিল পৰিকল্পনাকাৰীক

By

Published : Aug 27, 2020, 6:45 PM IST

নেশ্যনেল ডেস্ক,২৭আগষ্টঃ পুলৱামাৰ সন্ত্ৰাসবাদী আক্ৰমণৰ খলনায়ক মহম্মদ উমৰ ফাৰুকক আক্ৰমণৰ পৰিকল্পনাৰ বাবে পৰিশোধ কৰা হৈছিল ১০ লাখ পাকিস্তানী টকা। এই তথ্য প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই । পাকিস্তানৰ বেংকত থকা মহম্মদ উমৰ ফাৰুকৰ একাউণ্টত জমা কৰা হৈছিল এই ধনৰাশি । এসপ্তাহ পূৰ্বে NIAয়ে ১৯জন অভিযুক্তৰ বিৰুদ্ধে জম্মুস্থিত NIA ৰ বিশেষ আদালতত ১৩,৮০০ পৃষ্ঠাৰ চাৰ্জশ্বীট দাখিল কৰিছিল ।

উল্লেখ্য যে, ২০১৯ চনৰ ১৪ ফেব্ৰুৱাৰীত পুলৱামাৰ লেথুপুৰাত জম্মুৰ পৰা শ্ৰীনগৰ অভিমুখী অৰ্ধ সামৰিক বাহিনীৰ কনভয়ত সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰিছিল । সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনাৰ মূলতে আছিল মহম্মদ উমৰ ফাৰুক । মুখ্য অভিযুক্ত মহম্মদ উমৰ ফাৰুকে ২০১৬-২০১৭ চনত আফগানিস্তানত বিস্ফোৰক সামগ্ৰীৰ ব্যৱহাৰৰ ওপৰত প্ৰশিক্ষণ লৈছিল আৰু জম্মুৰ ছাম্বা ছেক্টৰেৰে ভাৰতত প্ৰৱেশ কৰিছিল । পাকিস্তানৰ পৰা লগত অহা ৩টা সহযোগী আৰু স্থানীয় সহযোগীৰ সৈতে মিলি IEDৰে অৰ্ধ সামৰিক বাহিনীৰ ওপৰত আক্ৰমণৰ পৰিকল্পনা কৰিছিল ।

জম্মু-শ্ৰীনগৰ ৰাজপথত তদল দি থকা সুৰক্ষা বাহিনীৰ বিষয়ে খবৰ দিয়া আৰু জেইচ-এ-মহম্মদৰ সন্ত্ৰাসবাদীক নিজৰ গৃহত আশ্ৰয় দিয়া ৪ জন লোককো গ্ৰেপ্তাৰ কৰা হৈছিল । বাসগৃহত বিস্ফোৰক সামগ্ৰী মজুত ৰখাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছিল শকিৰ বশ্বিৰ নামৰ এজন লোককো । আনহাতে আক্ৰমণত ব্যৱহৃত বাহন ক্ৰয় কৰা ছাজ্জাদ আহমেদ ভাটকো কৰায়ত্ত কৰা হৈছিল । ফেব্ৰুৱাৰী মাহৰ আৰম্ভণিতে ১৬০ কেজি আৰু ৪০ কেজি ওজনৰ দুটা IED প্ৰস্তুত কৰি সীমান্তৰে ভাৰতলৈ পঠিওৱা হৈছিল ।

ABOUT THE AUTHOR

...view details