অসম

assam

পুলৱামা সন্দৰ্ভত কি ক'লে তৰুণ গগৈয়ে !

By

Published : Jun 27, 2019, 2:55 PM IST

জি কিশান ৰেড্ডীক সমালোচনা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ

পুলৱামা সন্দৰ্ভত কি ক'লে তৰুণ গগৈয়ে !

নতুন দিল্লী, ২৭ জুনঃ দেশ কঁপাই যোৱা পুলৱামা কাণ্ড সন্দৰ্ভত ৰাজ্যসভাৰ সাংসদ তথা কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী জি কিশান ৰেড্ডীৰ মন্তব্যক সমালোচনা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ । কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী জি কিশান ৰেড্ডীয়ে সদনক বিপথে পৰিচালিত কৰাৰ অভিযোগ উত্থাপন কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে । ইটিভি ভাৰতৰ সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত এই কথা সদৰী কৰে তৰুণ গগৈয়ে ।

পুলৱামা সন্দৰ্ভত কি ক'লে তৰুণ গগৈয়ে !

লগতে, কেন্দ্ৰীয় চৰকাৰক সুৰক্ষা কৰিবলৈ সদনত ৰেড্ডীয়ে মিছা কথাৰ আশ্ৰয় লোৱা বুলিও অভিযোগ উত্থাপন কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ।

উল্লেখ্য যে, পুলৱামাত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণত 40 গৰাকী সেনা জোৱান শ্বহীদ হোৱা সন্দৰ্ভত কোনো ধৰণৰ চোৰাংচোৱা ব্যৰ্থ হোৱা নাই বুলি ৰাজ্যসভাত এক বিবৃতি দাখিল কৰে জি কিশান ৰেড্ডীয়ে ।

ABOUT THE AUTHOR

...view details