অসম

assam

ETV Bharat / bharat

পুলিৎজাৰ বঁটাঃ ৰাষ্ট্ৰীয়তাবাদ আৰু সাংবাদিকতা

জম্মু আৰু কাশ্মীৰৰ তিনি সাংবাদিক মুখতাৰ খান, ডাৰ ইয়াছিল আৰু ছান্নি আনন্দে লাভ কৰিছে বিখ্যাত পুলিৎজাৰ বঁটা ৷ ২০১৯ চনৰ ৫ অক্টোবৰত জম্মু-কাশ্মীৰৰ ৰাজ্যৰ মৰ্যাদা লাঘৱ কৰাৰ পাছৰ পৰিস্থিতি কভাৰ কৰাৰ বাবে এই সাংবাদিক তিনিগৰাকীয়ে পুলিৎজাৰ বঁটাৰে সন্মানিত হৈছে । কেৱল কাশ্মীৰৰ প্ৰকৃত ছবি প্ৰকাশ কৰাৰ বাবে এই বঁটা তেওঁলোকক প্ৰদান কৰা হোৱা নাই, বৰঞ্চ যি কঠিন পৰিস্থিতিত এই ফটোসমূহ তোলা হৈছিল তাৰ বাবেও তেওঁলোকক পুৰস্কৃত কৰা হৈছে।

By

Published : May 6, 2020, 4:38 PM IST

Pulitzer award: Nationalism and journalism
পুলিৎজাৰ বঁটাঃ ৰাষ্ট্ৰীয়তাবাদ আৰু সাংবাদিকতা

নিউজ ডেস্ক,6 মে' ঃপুলিৎজাৰ বঁটাঃ ৰাষ্ট্ৰীয়তাবাদ আৰু সাংবাদিকতা সংঘাতপূৰ্ণ পৰিৱেশত সাংবাদিকসকলে নিজৰ দায়িত্ব পালন কৰিবলৈ যাওঁতে সদায় প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হয় । সংবাদদাতাসকলে বিশ্বাসযোগ্য লোকৰ মতামতেৰে তেওঁলোকক স্বীকৃতি দি বাতৰি লিখে । একেদৰে লেন্সত ফটো সাংবাদিকসকলে বাতৰিবোৰ আবদ্ধ কৰি প্ৰচাৰ কৰে । কেৱল সাহসৰ জৰিয়তে এগৰাকী ফটো সাংবাদিকে মানৱীয় আবেদন সমৃদ্ধ বাতৰিৰ কাষ চাপে নেকি? এই ক্ষেত্ৰত তেওঁৰ সাংবাদিকতাৰ তীক্ষ্ন পৰ্যবেক্ষণৰ ভূমিকা নাথাকে নেকি? এই সাহসৰ বাবে এগৰাকী সাংবাদিকে বহু ত্যাগ কৰিবলগীয়া হ’ব পাৰে । কেতিয়াবা নিজৰ জীৱনো । যেনেদৰে সম্ভৱতঃ ইউছুফ জামিল নামৰ এগৰাকী সাংবাদিক তথা সহকৰ্মীয়ে লিখা বাতৰিৰ বাবে কাশ্মীৰী ফটোগ্ৰাফাৰ মুছতাক আলীয়ে পাৰ্ছেল বোমা বিস্ফোৰণত নিহত হৈছিল । একেদৰে হিন্দুস্তান টাইমছৰ ফটো সাংবাদিক প্ৰদীপ ভাটিয়াই শ্ৰীনগৰত বাতৰিৰ গভীৰতালৈ যোৱাৰ বাবে কাৰ বোমাত প্ৰাণ হেৰুৱাবলগীয়া হৈছিল । জম্মু আৰু কাশ্মীৰৰ আমাৰ তিনি সাংবাদিক সতীৰ্থ -মুখতাৰ খান, ডাৰ ইয়াছিল আৰু ছান্নি আনন্দে বিখ্যাত পুলিৎজাৰ বঁটা লাভ কৰিছে ।

ছান্নি আনন্দ,মুখতাৰ খান, ডাৰ ইয়াছিল

২০১৯ চনৰ ৫ অক্টোবৰত জম্মু-কাশ্মীৰৰ ৰাজ্যৰ মৰ্যাদা লাঘৱ কৰাৰ পাছৰ পৰিস্থিতি কভাৰ কৰাৰ বাবে এই সাংবাদিক তিনিগৰাকীয়ে পুলিৎজাৰ বঁটাৰে সন্মানিত হৈছে । কেৱল কাশ্মীৰৰ প্ৰকৃত ছবি প্ৰকাশ কৰাৰ বাবে এই বঁটা তেওঁলোকক প্ৰদান কৰা হোৱা নাই, বৰঞ্চ যি কঠিন পৰিস্থিতিত এই ফটোসমূহ তোলা হৈছিল তাৰ বাবেও তেওঁলোকক পুৰস্কৃত কৰা হৈছে ।

এটা চকুত আঘাতপ্ৰাপ্ত এটি ছবছৰীয়া কণমানি কন্যা শিশুৰ আলোকচিত্ৰই প্ৰতিফলিত কৰে কিদৰে ৰাজনৈতিক সংঘাতৰ বলি হ’বলগীয়া হয় শিশুসকল । এই শিশুটিৰ বিশেষ ফটোখনে কাশ্মীৰত শিশুসকলে কেনে ধৰণৰ পৰিৱেশৰ সন্মুখীন হ’বলগীয়া হৈছে সেয়া প্ৰমাণ কৰে । আন এখন ফটোত নিৰাপত্তাৰক্ষীসকলে ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিবাদৰ বিপৰীতে শ্ৰীনগৰত পাৰ্কিং কৰি থোৱা মটৰ চাইকেলৰ ওপৰত খং উজৰাৰ দৃশ্য দেখা পোৱা যায় ।

নিৰাপত্তাৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত হোৱা গুলীচালনাৰ ফলত বিধ্বস্ত হৈ পৰা এটা ঘৰৰ অৱশিষ্টবোৰ কিছুসংখ্যক লোকে সংগ্ৰহ কৰা দৃশ্যৰ হৃদয়স্পৰ্শী ফটোখনৰ বাবেও পুলিৎজাৰ বঁটা প্ৰদান কৰা হৈছে । প্ৰচণ্ড শীতৰ মাজতো অস্থায়ীভাৱে থকাৰ বাবে সাধাৰণ লোকসকলে কেনেদৰে আৱৰ্জনাবোৰ চাফা কৰিছে এই ফটোখনে দেখুৱায় । সাধাৰণ লোকসকলৰ আশ্ৰয়ৰ ক্ষেত্ৰত কেনে ধৰণৰ অনিশ্চয়তাই বিৰাজ কৰে সেয়া এই আলোকচিত্ৰখনত স্পষ্টভাৱে প্ৰতিফলিত হয় ।

প্ৰতিবাদ কৰা মহিলা, প্ৰাৰ্থনাৰত মহিলা আৰু পৱিত্ৰ কোৰাণ গাই থকা ছোৱালীৰ ফটোৱে বিভিন্ন দিশ উন্মোচন কৰে । মানৱীয় দৃষ্টিকোণৰ ফালৰ পৰা চালে এটা অশান্ত অঞ্চলত কেনেদৰে এটা বিশেষ লিংগই সমস্যাৰে ভৰা জীৱন পাৰ কৰিবলগীয়া হয় সেয়া দেখা পোৱা যায় । একেদৰে ধৰ্মীয় দৃষ্টিৰ ফালৰ পৰা চালে ইয়াক সাম্প্ৰদায়িক দৃষ্টিকোণ দেখা যায় । কিয়নো নিজকে সাংবাদিক বুলি দাবী কৰা কিছুসংখ্যক লোকে এনেধৰণৰ ছবিক ইছলামিক মৌলবাদৰ লগত ৰিজোৱাটো অস্বাভাৱিক নহয় ।

এখন বিশেষ ঠাইৰ তথা বহুতৰে বাবে অপ্ৰিয় অঞ্চল এটাৰ সত্যতা প্ৰদৰ্শন কৰাৰ বাবে লাভ কৰা বঁটাৰ বাবে এগৰাকী ফটো সাংবাদিকে আনন্দ কৰাৰ প্ৰয়োজন নাই বুলি বহুতে ভবা কথাটো মানিবলৈ টান হয় ।

এই তিনিগৰাকী ফটো সাংবাদিকে লাভ কৰা পুলিৎজাৰ বঁটাটো তেওঁলোকে আবদ্ধ কৰা ফটোকেইখনৰ বাবে বিতৰ্কিত হৈ পৰা নাই, বিতৰ্ক সৃষ্টি হৈছে উদ্যোক্তাই কৰা ব্যাখ্যাকলৈহে । ৰাহুল গান্ধীয়ে ফটো সাংবাদিক তিনিগৰাকীৰ কামৰ বাবে প্ৰশংসাৰে কৰা এক টুইটে সৃষ্টি কৰিছে বিতৰ্কৰ । তেওঁৰ এই টুইটটোক ৰাজনৈতিক ৰূপ দিয়াৰ লগতে দেশদ্ৰোহিতাৰ অভিযোগ তুলি বিতৰ্কৰ সৃষ্টি কৰা হৈছে । কিয়নো যিটো সংস্থাত সাংবাদিক তিনিজনে কাম কৰে সেই সংস্থাটোৱে জম্মু আৰু কাশ্মীৰক বিবাদিত অঞ্চল বুলি কৈছে । বঁটা লাভ কৰা সাংবাদিতসকল ভাৰতীয় সাংবাদিক নে কাশ্মীৰী সাংবাদিক বুলি আখ্যা দিব তাকো লৈ সৃষ্টি হৈছে বিতৰ্ক । ৰাহুল গান্ধীয়ে তেওঁৰ টুইটত ভাৰতীয় শব্দটোৰ ওপৰত জোৰ দিয়াৰ বিপৰীতে ওমৰ আব্দুল্লাই শব্দটোৰ পৰা দূৰত থাকি পৰিস্থিতিৰ ওপৰতহে অধিক গুৰুত্ব প্ৰদান কৰে । বঁটাটোক সন্মানীয় বুলি আখ্যা দিয়াৰ বিৰোধিতা কৰি বিতৰ্কৰ সৃষ্টি কৰা লোকসকলো তেওঁলোকৰ যুক্তি সম্পৰ্কে সন্দিহান ৷

ABOUT THE AUTHOR

...view details