নিউজ ডেস্ক, 4 মে': কেন্দ্ৰীয় শাসিত অঞ্চল পডুচেৰিতো 17 মে'লৈ লক ডাউন অব্যাহত থাকিব বুলি প্ৰকাশ কৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ভি নাৰায়নস্বামীয়ে । সাংবাদিকৰ আগত তেওঁ কয় যে, কেন্দ্ৰই লক ডাউন বৃদ্ধি কৰা অনুসৰিয়েই অঞ্চলটোত লক ডাউন বৃদ্ধি কৰা হৈছে ।
পডুচেৰিত 17 তাৰিখলৈ থাকিব লকডাউন - লক ডাউনৰ সময়সীমা
পডুচেৰিৰ মুখ্যমন্ত্ৰী ভি নাৰায়নস্বামীয়ে সাংবাদিকৰ আগত কয় যে, তেওঁৰ ৰাজ্যত লক ডাউনৰ সময়সীমা 17 মে'লৈ বৃদ্ধি কৰা হ'ব ।
অৱশ্যে কেন্দ্ৰই নিৰ্ধাৰণ কৰি দিয়া অনুসৰিয়েই সকলো নিয়ম পালনৰ লগতে কেন্দ্ৰই দিয়া শিথিলতা সমূহো থাকিব বুলি তেওঁ অৱগত কৰে । বৰ্তমান পডুচেৰিত এটা অৰেঞ্জ জ'ন আৰু দুটা গ্ৰীণ জ'ন আছে ।
উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে 25 মাৰ্চৰ পৰা কৰ'ণা ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে সমগ্ৰ দেশতে লক্ ডাউনৰ ঘোষণা কৰিছিল । লক ডাউন প্ৰথমে 14 এপ্ৰিল পৰ্যন্ত আছিল । কিন্তু সংক্ৰমণ বৃদ্ধি পোৱাত পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি 21 দিনীয়া লক ডাউনক 19 দিন বঢ়াই 3 মে'লৈ বৃদ্ধি কৰা হৈছিল । এতিয়া আকৌ এবাৰ বৃদ্ধি কৰা হ'ল লক ডাউন । 14 দিনৰ বাবে লক ডাউন বৃদ্ধি কৰা হৈছে যদিও বহু ক্ষেত্ৰত শিথিলতা দিছে এই লক ডাউনত ।