ভাৰতীয় সংসদৰ চলিত বৰ্ষাকালিন অধিৱেশনৰ সময়ত ৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এক তীব্ৰ দেশপ্ৰেমমূলক অনুভুতি জাগ্ৰত কৰাৰ লগতে ষাঠি দশকৰ মৰ্মান্তিক স্মৃতিবোৰ সোঁৱৰি প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত চীনৰ পিপুল্ছ লিবাৰেশ্বন আৰ্মিৰ বিৰুদ্ধে ভাৰতীয় সেনাবাহিনীয়ে কেনেধৰণৰ অৱস্থান গ্ৰহণ কৰিছে সেই বিষয়ে দেশবাসীক অৱগত কৰে ৷ উল্লেখ্য যে, এই বৰ্ষাকালিন অধিৱেশনৰ কালচোৱাত সাংসদসমূহে সামাজিক দূৰত্ব বজাই ৰাখি পাতলীয়াকৈ আসন গ্রহণ কৰিছিল ৷
লাডাখৰ শুষ্ক বন্ধ্যা পৰ্বতেই হওক,য’ত লাগিলে এডালো বন গজকেই বা নগজক,তথাপি ই ভাৰতবৰ্ষৰ পৰিসীমাৰ অখণ্ডতাৰ মূল্য বহন কৰে আৰু এই কথাটোকেই ভাৰতৰ ৰক্ষামন্ত্ৰীগৰাকীয়ে সংসদৰ বৰ্ষাকালিন অধিৱেশনৰ দ্বিতীয় দিনা;তেওঁৰ দেশপ্ৰেমমূলক আৱেগিক ভাষণটোত সজোৰে কবলৈ চেষ্টা কৰিছিল ৷
জৱাহৰলাল নেহৰুৱে ১৯৬১ চনত সংসদত “লাডাখৰ বিবাদিত এলেকাত এডাল বনো নগজে” বুলি প্ৰদান কৰা তেওঁৰ মন্তব্যৰ বিপৰীতে ৰাজনাথ সিঙে সেই সৈন্য বাহিনীসকলক ভূয়সী প্ৰসংশা কৰিছিল;যিসকলে কৈছিল যে, “ভাৰতবৰ্ষৰ এক ইঞ্চি মাটিও এৰি দিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰাৰ সুযোগ গ্রহণ কৰা নহ’ব ৷”
নেহৰুৰ কংগ্ৰেছ দলৰ সহকৰ্মীসকলৰে এজন,মহাবীৰ ত্যাগীয়ে তেওঁৰ এই মন্তব্যক কটাক্ষ কৰি কৈছিল যে “ইয়াত একোৱেই নগজে… তেনেহ’লে ইয়াক অন্য কাৰোবাৰ হাতত গতাই দিয়া উচিত হ’বনে কি ?”মহাবীৰে কৰা এই বক্ৰোক্তিয়ে নেহৰুৰ ৰাজনৈতিক ছবিখনত বৰ বেয়াকৈ দাগ লগাইছিল ৷
কিন্তু ইয়াৰ বিপৰীতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লাডাখ ভ্ৰমণক প্ৰশংসা কৰা হৈছে ৷ মোদীৰ এই ভ্ৰমণৰ বিষয়ে ৰাজনাথ সিঙে তেওঁৰ ভাষণত উল্লেখ কৰি কৈছে যে, প্ৰধান মন্ত্ৰীয়ে অঞ্চলটোলৈ কৰা ভ্ৰমণৰ পাচত সেনাবাহিনীৰ মোনোবল বৃদ্ধি পাইছে ৷ এল এ চিত সামৰিক প্ৰস্তুতিৰ পুংখানুপুংখ বিৱৰণ দি সিঙে কয়, “ভাৰতবৰ্ষ দীৰ্ঘকালিন অৱস্থানৰ বাবে উপযুক্তভাৱে প্ৰস্তুত হৈ আছে ৷” কঠিন বতৰৰ সৈতে যুঁজ দিব পৰাকৈ সেনাবাহিনীক সুবিধা প্ৰদান কৰা হৈছে ৷ কিয়নো লাডাখৰ সুউচ্চ অঞ্চলসমূহত তাপমান শূন্যৰ পৰা ৪০ ডিগ্ৰী তললৈ নামি আহে আৰু ইয়েই হৈছে সৈন্যবাহিনীৰ আটাইতকৈ ডাঙৰ শত্ৰু ৷
সিঙৰ প্ৰতিটো শব্দই নিখুঁতভাৱে বাচনি কৰা হৈছিল ৷ এল এ ছিত স্থিতাৱস্থাক মানি চলা তথা সন্মান কৰা আৰু ইয়াৰ ওপৰত ভাৰতৰ ধাৰণা কি সেই বিষয়ে সুক্ষ্মভাৱে চীনক অৱগত কৰাৰ ক্ষেত্ৰত অৰুণাচল প্ৰদেশৰ ৯০ হাজাৰ কিলোমিটাৰ ভাৰতীয় অঞ্চলত চীনৰ দাবী তথা পাকিস্তানে লাডাখৰ ৫১৮০ বৰ্গকিল'মিটাৰ ভাৰতীয় ভূমি চীনক হস্তান্তৰ কৰাৰ কৰাৰ প্ৰসংগও উল্লেখ কৰা হৈছিল ৷ কিন্তু চীনে এই সন্দৰ্ভত দ্বিমত পোষণ কৰাৰ সম্ভাৱনা আছে ৷
এল এ ছিৰ দুয়োফালে প্ৰস্তুতি তুংগত উঠিছে ৷ বিশেষকৈ চীনা সৈন্যই যোৱা ১৫ জুনত ভাৰতীয় নিয়মীয়া টহলদাৰী বাহিনীৰ ওপৰত গালৱান উপত্যকাত আক্ৰমণ কৰাৰ পাচত উভয় পক্ষৰ প্ৰস্তুতি বৃদ্ধি পাইছে ৷ উল্লেখ্য যে, এই সংঘৰ্ষত ২০ জন ভাৰতীয় সৈন্য নিহত হৈছিল ৷ যদিও যোৱা ৬ জুনত এল এ ছিৰ স্থিতাৱস্থা সলাব পৰা যিকোনো পৰিস্থিতে কোনো ধৰণৰ সংঘাটত লিপ্ত নহ’বলৈ দুয়োপক্ষ সন্মত হৈছিল ৷ ৰাজনাথ সিঙে আজি পুনৰ তেওঁৰ লোক সভাৰ বক্তব্যৰ সময়ত চীনৰ প্ৰতি আন এক স্পষ্ট বাৰ্তা প্ৰেৰণ কৰি কয় যে সামৰিকেই হওক নাইবা কূটনৈতিকেই হওক;একপক্ষীয়ভাৱে এল এ ছিৰ স্থিতাৱস্থাক সলনি কৰিবলৈ কৰা যিকোনো প্ৰয়াসক সৰ্বশক্তিৰে প্ৰতিহত কৰা হ’ব ৷
ক’বলৈ গ’লে ইয়াৰ বিপৰীতে ১৯৬২ চনৰ আগেয়ে ভাৰতৰ সামৰিক প্ৰস্তুতিত খুঁত নাছিল ৷ ওলোতাই ভাৰতবৰ্ষ ৰণকৌশলৰ ফালৰ পৰা বহুকেইতা অৱস্থান যেনে তিব্বতৰ কিছুসংখ্যক গাঁৱত নিৰিক্ষণ কৰিব পৰা থাং লা চকী,খেনজেমানে,ধলা চকী আৰু মেক মোহন লাইনৰ আন কিছুমান অঞ্চলত সুবিধাজনক অৱস্থাতহে আছিল ৷ ১৯৫৯ চনৰ পৰা যুদ্ধ আৰম্ভ হোৱা সময়লৈকে নেহৰু চৰকাৰে টহলদাৰী চকীসমূহৰ মাজত থকা সকলো বৃহৎ বৃহৎ খালী ঠাইবোৰ পূৰণ কৰি পেলাইছিল ৷ সামৰিক ফালৰ পৰা পৰ্যাপ্ত পৰিমাণে প্ৰস্তুতি চলোৱা হৈছিল যদিও এতিয়াৰ দৰে কূটনৈতিক আৰু ৰাজনৈতিক আচৰণ সিমান উপযুক্ত নাছিল ৷ সংসদৰ বাহিৰতেই হওক নাইবা ভিতৰ চৰাতেই হওক চৰকাৰৰ তৰফৰ পৰা যিবোৰ বিবৃতি দিয়া হৈছিল সেইবোৰ অপেচাদাৰী আছিল ৷ ৰাজনৈতিক আচৰণ আছিল অপৰিপক্ক ৷ সীমাত সৈন্যবাহিনীসমূহ পৰিচালনা কৰাৰ ক্ষেত্ৰত এক বৃহৎ যোগাযোগৰ ব্যৱধান আছিল ৷
পূৱ সীমান্তৰ সুৰক্ষাৰ দায়িত্বত থকা অসম ৰাইফলছৰ দৰে বাহিনীৰ,সেনাবাহিনীৰ সৈতে কোনো ধৰণৰ যোগাযোগ নাছিল ৷ অসম ৰাইফলছে সীমান্ত প্ৰ’ট’ক’লৰ কোনো ধৰণৰ ধাৰণা নথকা অসামৰিক চৰকাৰৰ লগতহে যোগাযোগ ৰাখিব লগা হৈছিল ৷ ষাঠি দশকৰ সীমা বিবাদৰ বিষয়ত আন্তৰাষ্ট্ৰীয় আচৰণ অপৰ্যাপ্ত আৰু অনুপযুক্ত আছিল ৷ চীনে নিজৰ আক্ৰমণাত্মক ভূমিকাৰ জৰিয়তে বিশ্ব সমোদায়ৰ আগত এনে এক প্ৰতিচ্ছবি দাঙি ধৰিছিল যে দেশখন ভুক্তভূগীহে ৷ যিটো বিষয়ত বৰ্তমান চীন স্পষ্টকৈ ধৰা পৰিছে ৷ নেহৰু চৰকাৰৰ তুলনাত বৰ্তমানৰ চৰকাৰখনে যথেষ্টভাৱে আন্তঃৰাষ্ট্ৰীয় গুৰুত্ব আদায় কৰিবলৈ সক্ষম হৈছে ৷
দৰাচলতে ১৯৫৯ চনৰ উত্থানৰ পাচত তিব্বতৰ পৰা ভাৰতলৈ প্ৰৱজ্জন কৰা প্ৰৱজ্জনকাৰী সকলক লৈ;উচ্চতাত গোপনীয় অভিজানবোৰ সমাপন কৰিবৰ বাবে প্ৰশিক্ষণ দি এক ভাৰতীয় এলিট ফৰ্ছ তথা স্পেশ্বেল ফ্ৰন্টিয়াৰ ফৰ্ছ গঠন কৰাটো নেহৰুৰে ইচ্ছা আছিল ৷ স্পেশ্বেল ফ্ৰন্টিয়াৰ ফৰ্ছক নেহৰুৰ মানসপুত্ৰ বুলিব পাৰি ৷ কিন্তু এই মাহৰ আৰম্ভণিতে এছ এছ এফৰ সদস্য এজনৰ লাডাখত নিহত হোৱাৰ পাচত বৰ্তমানৰ চৰকাৰে এই বাহিনীৰ বিষয়ে প্ৰকাশ্যে উজাগৰ কৰা ঘটনাটোৱে চীনক এক মুক্ষম আঘাট দিছে ৷ ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত নেহৰুৰ অৱদানক নস্যাৎ কৰিব পৰা নাযায়;কিন্তু এল এ ছি সংক্ৰান্তত তেওঁৰ ৰাজহুৱা আচৰণ ৰাজনীতিবিদ সকলেহে ভালদৰে জানিব ৷
বিলাল ভাট,ই টিভি ভাৰত