অসম

assam

ষ্টাইৰিন গেছৰ প্ৰভাৱ ৰোধৰ বাবে বিশাখাপট্টনমত PTBC কেমিকেল

By

Published : May 8, 2020, 10:06 AM IST

ষ্টাইৰিন গেছৰ নিৰ্গমন ৰোধৰ বাবে বিশাখাপট্টনমত উপস্থিত PTBC কেমিকেল ৷ অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ অনুৰোধত PTBC কেমিকেল প্ৰেৰণ কৰিলে গুজৰাটে ৷

ষ্টাইৰিন গেছৰ নিৰ্গমন
ষ্টাইৰিন গেছৰ প্ৰভাৱ ৰোধৰ বাবে বিশাখাপট্টনমত PTBC কেমিকেল

নেশ্যনেল ডেস্ক, 8 মে' : ষ্টাইৰিন গেছৰ নিৰ্গমন ৰোধৰ বাবে বিশাখাপট্টনমলৈ প্ৰেৰণ কৰা হ'ল chemical para-tertiary butyl catechol (PTBC) ৷

ষ্টাইৰিন গেছৰ প্ৰভাৱ ৰোধৰ বাবে বিশাখাপট্টনমত PTBC কেমিকেল

বিমান বন্দৰৰ নিৰ্দেশক ৰাজ কিশোৰে কয় যে, PTBC কেমিকেল এয়াৰ ইণ্ডিয়াৰ কাৰ্গো বিমানৰ জৰিয়তে বিশাখাপট্টনম বিমান বন্দৰলৈ নিয়া হৈছে ৷ বৃহস্পতিবাৰে নিশা 10.30 বজাত এই কেমিকেল লৈ যোৱা হৈছে ৷ এই কেমিকেলৰ সৈতে বিশাখাপট্টনমত উপস্থিত হৈছে 9 জনীয়া এটা দল ৷

দক্ষিণ গুজৰাটৰ বালছাৰ জিলাৰ বাপিত এই কেমিকেল প্ৰস্তুত কৰি উলিওৱা হৈছে ৷ ষ্টাইৰিন গেছৰ নিৰ্গমন আৰু সংক্ৰমণ প্ৰতিৰোধৰ বাবে এই কেমিকেল ব্যৱহাৰ কৰা হয় ৷ ষ্টাইৰিন গেছৰ নিৰ্গমন হোৱাৰ পাচতে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডীয়ে গুজৰাটৰ মুখ্য়মন্ত্ৰী বিজয় ৰুপানীক PTBC কেমিকেল প্ৰদানৰ বাবে অনুৰোধ জনাইছিল ৷

উল্লেখ্য যে, বৃহস্পতিবাৰে পুৱাৰ ভাগত LG পলিমাৰ গেছ প্লান্টত ষ্টাইৰিন গেছ নিৰ্গমন হোৱাৰ ফলত 12 জনকৈ লোকে প্ৰাণ হেৰুৱাইছে ৷

ABOUT THE AUTHOR

...view details