নেশ্যনেল ডেস্ক, 2 জানুৱাৰী:এক ব্যতিক্ৰমী প্ৰয়াসেৰে প্ৰয়াগৰাজৰ এগৰাকী 35 বৰ্ষীয় লোকে 2.5 চে:মি: জোখৰ এটা আটাইতকৈ সৰু যঁতৰ সাজি উলিয়ায় ৷ লোকগৰাকীয়ে মাত্ৰ 3 দিনৰ ভিতৰতে সাজি উলিয়ায় যঁতৰটো ৷ তেওঁৰ এই ব্যতিক্ৰমী সৃষ্টিৰাজিৰ বাবে তেওঁৰ নাম খোদিত হয় লিমকা বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত ৷
যেতিয়া তেওঁক ইটিভি ভাৰতৰ সাংবাদিকে তেওঁক সেই ক্ষুদ্ৰাকাৰৰ যঁতৰটো কিয় নিৰ্মাণ কৰিলে বুলি প্ৰশ্ন কৰে তেতিয়া বিমল কিশোৰ নামৰ বিশেষভাৱে সক্ষম লোকগৰাকীয়ে কৈছিল, তেওঁৰ এগৰাকী বন্ধুৱে তেওঁক 3 চে:মি: ৰ যঁতৰ নিৰ্মাণ কৰা এজন লোকৰ কথা কৈছিল ৷ তেওঁ সেই কথাটোক প্ৰত্যাহ্বান হিচাপে লৈ লোকগৰাকীৰ অভিলেখ ভংগ কৰাত গুৰুত্ব প্ৰদান কৰে ৷