অসম

assam

ETV Bharat / bharat

নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত লণ্ডনত প্ৰবাসী অসমীয়াৰ প্ৰতিবাদ - নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত লণ্ডনত প্ৰবাসী অসমীয়াৰ প্ৰতিবাদ

দেশৰ গনতন্ত্ৰৰ প্ৰতি মোদী চৰকাৰে সৃষ্টি কৰা ভাবুকিৰ প্ৰতিবাদত লণ্ডনৰ ৰাজপথত ওলাই আহিল অসমীয়া ৷ নাগৰিকত্ব আইন বাতিলৰ দাবীত ডিঙিত গোমোছা আৰি পৰম্পৰাগত পোছাকত প্ৰতিবাদ সাব্যস্ত কৰিলে প্ৰবাসী অসমীয়াই ৷

নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত লণ্ডনত প্ৰবাসী অসমীয়াৰ প্ৰতিবাদ
নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত লণ্ডনত প্ৰবাসী অসমীয়াৰ প্ৰতিবাদ

By

Published : Dec 16, 2019, 2:45 PM IST

নিউজ ডেস্ক, 16 ডিচেম্বৰ: নাগৰিকত্ব সংশোধনী আইনক কেন্দ্ৰ কৰি উত্তৰ-পূবৰ পৰা আৰম্ভ হোৱা বিপ্লৱ সমগ্ৰ দেশতে বিয়পি পৰাৰ পাছত এতিয়া সাত সাগৰ তেৰ নদী সিপাৰতো শুনা গৈছে নাগৰিকত্ব সংশোধনী আইন বিৰোধী ধ্বনি ৷ যি ধ্বনিৰ জোৰত এতিয়া দিকবিদক হেৰুৱাই পেলাইছে কেন্দ্ৰৰ মোদী চৰকাৰে ৷ দেওবাৰে অ-সংবিধানিক নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত লণ্ডনৰ ৰাজপথ উত্তাল কৰি তুলিলে মহানগৰখনত বাস কৰা শতাধিক অসমীয়াই ৷ ডিঙিত গামোছা মেৰিয়াই পৰম্পৰাগত অসমীয়া পোছাকেৰে হাতে হাতে প্লেকাৰ্ড লৈ ৰাজপথলৈ ওলাই আহিল শিশুৰ পৰা আৰম্ভ কৰি ডেকা-বুঢ়ালৈকে ৷ প্ৰবাসী অসমীয়া প্ৰতিবাদকাৰী সকলে লণ্ডনৰ ভাৰতীয় উচ্চায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷

প্ৰতিবাদকাৰী সকলে অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে প্লেকাৰ্ডত "গণতন্ত্ৰ ৰক্ষা কৰক", "কেব বাতিল কৰক" "নৰেন্দ্ৰ মোদী মুৰ্দাবাদ" লিখাৰ ওপৰিও বিভিন্ন চৰকাৰ বিৰোধী শ্লগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ লণ্ডনবাসী অসমীয়া সকলৰ মতে কেন্দ্ৰৰ মোদী চৰকাৰে সম্পূৰ্ণ ফেচিষ্ট কায়দাৰে অসম তথা উত্তৰ-পূৰ্বাঞ্চলবাসীৰ ওপৰত বলপূৰ্বক জাপি দিব খোজা নাগৰিকত্ব আইনে উত্তৰ-পূৰ্বাঞ্চলত মানুহৰ মাজত বিভাজনৰ সৃষ্টি কৰিব লগতে ই অসমীয়াৰ সংস্কৃতিতো বিৰূপ প্ৰভাৱ পেলাব সেইবাবে এই সম্প্ৰদায়িক আইন কেতিয়াও গ্ৰহণযোগ্য নহয় ৷

দেশৰ গনতন্ত্ৰৰ প্ৰতি মোদী চৰকাৰে সৃষ্টি কৰা ভাবুকিৰ প্ৰতিবাদত লণ্ডনৰ ৰাজপথত ওলাই আহিল অসমীয়া

ইফালে, একেদিনাই লণ্ডনত কেবৰ বিৰুদ্ধে আন এক বিশাল প্ৰতিবাদ সাব্যস্ত কৰা হয় ৷ উচ্চায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ভাৰতীয় প্ৰবাসী কংগ্ৰেছে ৷ এই প্ৰতিবাদ নাগৰিকত্ব আইনৰ সমান্তৰালকৈ কেন্দ্ৰৰ মোদী চৰকাৰে সুচাৰু ৰূপে দেশ শাসনত সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাৰ প্ৰতিবাদত এই কাৰ্যসূচী গ্ৰহণ কৰা হয় ৷ সংগঠনৰটোৰ লণ্ডন শাখাৰ মুখপাত্ৰ গৰাকীয়ে সাংবাদিকৰ আগত জানিবলৈ দিয়ে যে, এইখন চৰকাৰৰ দিন দেশৰ সমগ্ৰ অৰ্থনৈতিক ব্যৱস্থা তচ-নচ হৈ পৰাৰ লগতে দেশত ভয়াবহ ভাৱে বৃদ্ধি পাইছে নিবনুৱা সমস্যা ৷ ইয়াৰোপৰি দেশত বৃদ্ধি পোৱা সম্প্ৰদায়িক উত্তেজনা ৰোধ কৰাত বিজেপি চৰকাৰ যে সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে তাকে সূচাইছে ৷ নাগৰিকত্ব সংশোধনী বিধেয়ক আইনৰ জৰিয়তে বিজেপিয়ে দেশখন হিন্দু-মুছলমানৰ নামত ভাগ কৰিব বিচাৰিছে বুলি অভিযোগ কৰে সংগঠনটোৰ সভাপতি কমল ধালিৱালকে ৷

আৰু পঢ়ক: হায়দৰাবাদতো ধ্বনিত হ’ল CA(A) বিৰোধী শ্ল’গানঃ শ-শ অসমীয়াৰ তীব্ৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details