অসম

assam

ETV Bharat / bharat

10 ঘন্টাৰ অন্তত সাময়িকভাৱে স্থগিত দিল্লী আৰক্ষীৰ প্ৰতিবাদ - সাময়িকভাৱে স্থগিত দিল্লী আৰক্ষীৰ প্ৰতিবাদ 2019

অৱশেষত দহ ঘন্টাৰ অন্তত সাময়িকভাৱে স্থগিত কৰা হ'ল দিল্লী আৰক্ষীৰ প্ৰতিবাদ ৷ কেইবাটাও দাবীৰ অন্তত প্ৰতিবাদীকাৰী আৰক্ষীয়ে সাময়িকভাৱে স্থগিত ৰাখে প্ৰতিবাদ ৷ দাবী সমূহ কাৰ্যকাৰী নহ'লে পুনৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব দিল্লী আৰক্ষীয়ে ৷

সাময়িকভাৱে স্থগিত দিল্লী আৰক্ষীৰ প্ৰতিবাদ

By

Published : Nov 5, 2019, 11:39 PM IST

নিউজ ডেস্ক, 5 নৱেম্বৰঃ অৱশেষত দহ ঘন্টাৰ অন্তত সাময়িকভাৱে স্থগিত কৰা হ'ল দিল্লী আৰক্ষীৰ প্ৰতিবাদ ৷ তিছ হাজাৰী সংঘৰ্ষক কেন্দ্ৰ কৰি অধিবক্তাসকলে কৰ্মবিৰতি ঘোষণা কৰাৰ পাচতেই মঙলবাৰে আৰক্ষী বাহিনীয়েও সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী ৷ দিল্লী আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে আৰক্ষী বাহিনীয়ে ৷

10 ঘন্টাৰ অন্তত সাময়িকভাৱে স্থগিত দিল্লী আৰক্ষীৰ প্ৰতিবাদ

কেইবাটাও দাবীৰ অন্তত প্ৰতিবাদীকাৰী আৰক্ষীয়ে সাময়িকভাৱে স্থগিত ৰাখে প্ৰতিবাদ ৷ প্ৰতিবাদকাৰী দিল্লী আৰক্ষীৰ মুখ্য দাবী সমূহ ক্ৰমেঃ

  • আৰক্ষী ৱেলফেয়াৰ এছ'চিয়েচন গঠন
  • আৰক্ষীৰ ওপৰত আক্ৰমণ হ'লে তৎকালীন ব্যৱস্থা গ্ৰহণ কৰা
  • নিলম্বিত আৰক্ষীক পুনৰ কৰ্মত নিয়োজিত কৰা
  • দোষী অধিবক্তাসকলক শাস্তি প্ৰদান কৰা

দিল্লী আৰক্ষীৰ দাবী সমূহৰ ওপৰত পুনৰ বিবেচনা কৰা হ'ব বুলি জনাই আৰক্ষী বিষয়াই ৷ ইপিনে, আৰক্ষীৰ প্ৰতিবাদ স্থগিত কৰাৰ পাচতেই দিল্লী আৰক্ষী মুখ্য কাৰ্যালয়ৰ সন্মুখৰে পুনৰ আৰম্ভ হয় যান বাহন চলাচল ৷

লগতে পঢ়কঃ কাৰ্য়ালয়ত জীৱন্তে জ্বলাই দিয়া হ'ল মৌজাদাৰক !

সমগ্ৰ ঘটনা সন্দৰ্ভত দিল্লীৰ লেঃগভৰ্ৱনৰ অনিল বিজে জ্যোষ্ঠ বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হয় ৷ আহত আৰক্ষী বিষয়া আৰু অধিবক্তা সকলক উপযুক্ত সাহাৰ্য প্ৰদান কৰা হ'ব বুলিও বৈঠকৰ অন্তত ঘোষণা কৰা হয় ৷

For All Latest Updates

ABOUT THE AUTHOR

...view details