অসম

assam

ETV Bharat / bharat

জামা মছজিদ চৌকত কেবৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত - দিল্লীৰ জামা মছজিদ চৌকত প্ৰতিবাদ

দিল্লীৰ জামা মছজিদ চৌকত মুছলমান ধৰ্মৰ বহুলোকে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ এই প্ৰতিবাদত অংশগ্ৰহণ কৰে কংগ্ৰেছ নেতা অলকা লাম্বা, মুদিত আগৰৱাল আৰু ছোয়েব ইকবালে ৷

উপস্থিত কংগ্ৰেছ নেতা অলকা লাম্বা, মুদিত আগৰৱাল আৰু ছোয়েব ইকবাল
জামা মছজিদ চৌকত কেবৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত

By

Published : Dec 13, 2019, 8:53 PM IST

নেশ্যনেল ডেস্ক, 13 ডিচেম্বৰ : নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে শুকুৰবাৰে ৰাজধানী দিল্লীৰ বহু স্থানত প্ৰতিবাদ সাব্যস্ত কৰা হয় ৷ দিল্লীৰ জামা মছজিদ চৌকতো নামাজৰ পাচতে মুছলমান ধৰ্মৰ লোকসকলে জোৰদাৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদস্থলীত প্ৰতিবাদকাৰীৰ সৈতে যোগ দিয়ে কংগ্ৰেছ নেতা অলকা লাম্বা, মুদিত আগৰৱাল আৰু ছোয়েব ইকবালে ৷ মছজিদ চৌকত বহুসংখ্যক প্ৰতিবাদকাৰীয়ে আইনখনৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷

প্ৰাক্তন বিধায়ক অলকা লাম্বাই কয় যে, এই আইনখন পূৰ্বেও 9 বাৰকৈ সংশোধন কৰা হৈছে ৷ ধৰ্মৰ ভিত্তিত নাগৰিকত্ব প্ৰদান কৰা এই আইনখন প্ৰথমে অসম তথা উত্তৰ-পূৱ ভাৰতৰ বাবে আছে বুলি ভাবিছিল যদিও এয়া এতিয়া সমগ্ৰ দেশৰ বাবে অনা হৈছে বুলি ক্ষোভ প্ৰকাশ কৰে লাম্বাই ৷

অলকা লাম্বাৰ প্ৰতিবাদকাৰীক সম্বোধন

এই সম্পৰ্কত মুদিত আগৰৱালে কয় যে, 1947 চনত ভাৰত বিভক্ত হৈছিল যদিও মৌলানা আজাদ, পণ্ডিত নেহৰু আৰু মহাত্মা গান্ধীয়ে এই বাৰ্তা দিছিল যে এই দেশত সকলো ধৰ্মৰ লোকে বসবাস কৰিব পাৰিব ৷ কিন্তু বৰ্তমানৰ চৰকাৰে এই দেশ এটা বিশেষ ধৰ্মৰ বাবেহে সংৰক্ষণ কৰি ৰাখিব বিচাৰিছে ৷

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ

প্ৰাক্তন বিধায়ক ছোয়েব ইকবালে কয় যে, দেশে স্বাধীনতা লাভৰ পাচৰে পৰা এনে হোৱা নাছিল যি মোডী চৰকাৰৰ ৰাজত্বকালত হৈছে৷ তেওঁ দেশখন নিজৰ সম্পত্তি বুলি ভাবিছে আৰু এনে চিন্তা-চৰ্চা ভাৰতৰ বাবে বিপজ্জনক ৷ বৰ্তমান সমগ্ৰ দেশতে প্ৰতিবাদ কৰি থকা হৈছে আৰু হিন্দুয়েও এই প্ৰতিবাদত অংশগ্ৰহণ কৰিছে ৷ অসম জ্বলিছে আৰু বহুকেইজনে প্ৰাণ হেৰুৱাইছে কিন্তু কাৰো কাণসাৰ নাই ৷ প্ৰধানমন্ত্ৰীয়ে নিৰৱতা অৱলম্বন কৰিলেও আমি সকলোৱে থিয় দিব লাগিব আৰু চৰকাৰৰ বিৰুদ্ধে মাত মাতি যাব লাগিব বুলি প্ৰতিবাদকাৰীক জানিবলৈ দিয়ে ছোয়েব ইকবালে ৷

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ

আৰু পঢ়ক : কেব সম্পৰ্কত অসমৰ বিশিষ্ট ব্যক্তিৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ

ABOUT THE AUTHOR

...view details