অসম

assam

By

Published : Dec 15, 2019, 11:40 PM IST

ETV Bharat / bharat

নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদঃ বিহাৰত জ্বলালে আৰক্ষী চকী

বিহাৰৰ পাটনাত নাগৰিকত্ব সংশোধনী আইন বিৰুদ্ধে প্ৰতিবাদত উত্তেজিত প্ৰতিবাদকাৰীয়ে জ্বলাই দিয়ে বহু বাইক, গাড়ীৰ লগতে কাৰ্গিল আৰক্ষী চকী ৷

Protest against CAA in Patna
বিহাৰত নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদকাৰীয়ে জ্বলালে আৰক্ষী চকী

নেছনেল ডেস্ক,15 ডিচেম্বৰ : নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদে ভয়াবহ ৰূপে ল'লে বিহাৰত ৷ বিহাৰৰ ৰাজধানী চহৰ পাটনাত দেওবাৰে সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰে ৷ প্ৰতিবাদস্থলীত উত্তেজিত প্ৰতিবাদকাৰীয়ে জ্বলাই দিয়ে কাৰ্গিল আৰক্ষী চকী ৷ লগতে জ্বলাই দিয়ে বহু বাইক আৰু অন্যান্য বাহন ৷ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ বাবে আৰক্ষীয়ে গুলীবৰ্ষণ পৰ্যন্ত কৰে ৷ প্ৰাপ্ত তথ্য অনুসৰি, প্ৰতিবাদকাৰীৰ শিলাবৰ্ষণত আহত হয় এজন আৰক্ষী বিষয়াৰ লগতে এগৰাকী সংবাদকৰ্মী ৷

বিহাৰত নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদকাৰীয়ে জ্বলালে আৰক্ষী চকী

লগতে পঢ়ক:নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদত জমিয়া মিলিয়া ছাত্ৰসকলে জ্বলালে দিল্লীৰ চৰকাৰী বাছ


উল্লেখ্য যে, নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদে সমগ্ৰ দেশত তীব্ৰ ৰূপ ধাৰণ কৰিছে ৷ নতুন দিল্লীৰ ভাৰত নগৰৰ সমীপতো নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে জমিয়া মিলিয়া ইছলামিয়া ছাত্ৰসকলে কৰা প্ৰতিবাদত বাছসহ বহু গাড়ী জ্বলাই দিয়াৰ ঘটনা সংঘটিত হয় ৷

ABOUT THE AUTHOR

...view details