নিউজ ডেস্ক, 4 জুনঃকেৰালাৰ উচ্চ ন্যায়ালয়ে উপকূলীয় গাঁৱক ৰক্ষা কৰিবলৈ চৰকাৰলৈ নিৰ্দেশনা জাৰি কৰিছে । প্ৰতি বছৰে প্ৰকৃতিৰ ৰোষত পৰা আৰ্নেকুলাম জিলাক ৰক্ষাৰ বাবে চৰকাৰক ক্ষীপ্ৰতাৰে ব্য়ৱস্থা ল'বলৈ নিৰ্দেশনা জাৰি কৰে। কিয়নো প্ৰতিবছৰে এই উপকূলীয় গাঁও প্ৰকৃতিৰ ৰোষত পৰে,যাৰ ফলত ক্ষতি হয় বহু জীৱন আৰু সম্পত্তিৰ ।
প্ৰকৃতিৰ ৰোষৰ পৰা উপকূলীয় গাঁৱক ৰক্ষা কৰকঃ কেৰালা উচ্চ ন্য়ায়ালয় - চৰকাৰক নিৰ্দেশনা প্ৰদান কৰিছে কেৰালা উচ্চ ন্য়ায়ালয়ে
প্ৰতিবছৰে বাৰিষাত প্ৰকৃতিৰ ৰোষত পৰা কেৰালাৰ উপকূলীয় অঞ্চলক ৰক্ষা কৰিবলৈ চৰকাৰক নিৰ্দেশনা প্ৰদান কৰিছে কেৰালা উচ্চ ন্য়ায়ালয়ে ।

প্ৰকৃতিৰ ৰোষৰ পৰা উপকূলীয় গাঁৱক ৰক্ষা কৰকঃ কেৰালা উচ্চ ন্য়ায়ালয়
ছেলেৰাম অঞ্চলৰ এজন লোকে উচ্চ ন্যায়ালয়ত দাখিল কৰা লেখ আবেদনৰ শুনানিত ন্যায়াধীশ ভি জে অৰুণে চৰকালৈ এই অন্তৱৰ্তীকালিন নিৰ্দেশনা প্ৰদান কৰে । 2 জুনত লিখত ভাৱে তেওঁ জাৰি কৰিছিল এই নিৰ্দেশনা ।