নিউজ ডেস্ক, 19 আগষ্ট : দেশত ক'ভিড-19 ৰ ত্ৰাস অব্যাহত থকাৰ মাজতে বুধবাৰে কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাবেদকাৰে দেশৰ তিনিটা বিমান বন্দৰ লীজত দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা ঘোষণা কৰে ৷ কেবিনেটৰ দ্বাৰা লোৱা সিদ্ধান্তৰ কথা ৰাজহুৱাকৈ প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে ৷ সিদ্ধান্ত অনুসৰি, গুৱাহাটী, জয়পুৰ আৰু তিৰুবন্তপুৰম বিমান বন্দৰ লীজত দিয়াৰ সিদ্ধান্ত কেবিনেটৰ ৷
আদানী গ্ৰুপক লীজত দিয়া হ'ব দেশৰ তিনিটা আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ - কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাবেদকাৰ
আদানী গ্ৰুপক লীজত দিয়া হ'ব দেশৰ তিনিটা আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ
18:34 August 19
গুৱাহাটী, জয়পুৰ আৰু তিৰুবন্তমপুৰম বিমান বন্দৰক আদানী গ্ৰুপলৈ হস্তান্তৰ
কেবিনেটে এই তিনিটা বিমান বন্দৰ 50 বছৰৰ বাবে আদানী গ্ৰুপক প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ এতিয়াৰে পৰা এই তিনিটা বিমান বন্দৰৰ সকলো যাবতীয় কামকাজ আদানী গ্ৰুপৰ পৰিচালনা কৰিব ৷
উল্লেখ্য যে, বিমান বন্দৰ সমূহত যাত্ৰীৰ বাবে অত্যাধিক সা-সুবিধা তথা উন্নত কৰাৰ উদ্দেশ্যে এই সিদ্ধান্ত গ্ৰহণ কেবিনেটৰ ৷
লগতে পঢ়ক : চৰকাৰী ধনৰ অপব্যৱহাৰ : পৰিকল্পনা নোহোৱাকৈ নিৰ্মাণ কৰা বজাৰ গৃহ ধংস
Last Updated : Aug 19, 2020, 8:02 PM IST