অসম

assam

ETV Bharat / bharat

শিক্ষাৰ্থীসকলৰ মাজত ই-লাৰ্নিঙৰ ব্যৱস্থা গঢ়ি তুলিবলৈ নিৰ্দেশ উত্তৰ প্ৰদেশ চৰকাৰৰ

উত্তৰ প্ৰদেশ চৰকাৰে লকডাউনৰ মাজতে শিক্ষাৰ্থীসকলৰ বাবে গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা ৷ সেই অনুসৰি, শিক্ষাৰ্থীসকলৰ মাজত প্ৰযুক্তিগত জ্ঞান প্ৰদান কৰাৰ বাবেই উত্তৰ প্ৰদেশ চৰকাৰে শিক্ষাৰ্থীসকলৰ মাজত ই-লাৰ্নিং ব্যৱস্থা ফলপ্ৰসূ কৰি তুলিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে ৷

ই-লাৰ্ণিঙৰ ব্যৱস্থা
ই-লাৰ্ণিঙৰ ব্যৱস্থা

By

Published : Apr 15, 2020, 3:03 PM IST

নিউজ ডেস্ক, 15 এপ্ৰিলঃউত্তৰ প্ৰদেশ চৰকাৰে মঙলবাৰে বিশেষ নিৰ্দেশনা জাৰী কৰি আগন্তুক 20 এপ্ৰিলৰ পৰা শিক্ষানুষ্ঠান সমূহত ই-লাৰ্নিঙৰ দ্বাৰা শিক্ষাদান প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ কৈছে ৷ উত্তৰ প্ৰদেশ শিক্ষা বিভাগে জাৰী কৰা নিৰ্দেশনাটোত ষষ্ঠ শ্ৰেণীৰ পৰা নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক আগন্তুক শ্ৰেণীলৈ উত্তীৰ্ণ কৰি দিবলৈ কোৱাৰ লগতে নৱম মানৰ পৰা দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলক ই-লাৰ্নিঙৰ দ্বাৰা শিক্ষাদান কৰিবলৈ কোৱা হৈছে ৷ ই-লাৰ্নিঙ আৰু ভাৰ্চুৱেল শ্ৰেণীকোঠাৰ দ্বাৰা আগন্তুক 20 এপ্ৰিলৰ পৰা শিক্ষানুষ্ঠানসমূহক শ্ৰেণীসমূহ আৰম্ভ কৰিবলৈ এইদৰে নিৰ্দেশনাটো প্ৰদান কৰা হৈছে ৷

লগতে পঢ়কঃতৃতীয় স্তৰত অধিক সাৱধানতা অৱলম্বন কৰক

দেশব্যাপী চলি থকা লকডাউনআৰু কৰ’ণা ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ-প্ৰদেশ চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ উত্তৰ প্ৰদেশ চৰকাৰৰ উপ-মুখ্যমন্ত্ৰী দীনেশ শৰ্মাই এই বিষয়ে মাধ্যমিক শিক্ষা সদনৰ সৈতে আলোচনাত মিলিত হোৱাৰ লগতে এক পৰ্যালোচনা সভা অনুষ্ঠিত কৰি এই সিদ্ধান্ত গ্ৰহণ কৰে ৷ লকডাউনৰ সময়ছোৱাত দিক্ষা পৰ্টেলৰ সহযোগত শিক্ষাৰ্থীসকলক এইদৰে ই-লাৰ্নিঙৰ দ্বাৰা শিক্ষাদান কৰিবলৈ কোৱা হৈছে ৷ এই সন্দৰ্ভত উত্তৰ প্ৰদেশ চৰকাৰে শীঘ্ৰেই এক কাৰ্যনীতি প্ৰস্তুত কৰি তুলিব বুলি এই নিৰ্দেশনাটোত প্ৰকাশ কৰিছে শিক্ষা বিভাগে ৷

ABOUT THE AUTHOR

...view details