ইন্টাৰনেশ্যনেল ডেস্ক, 27 জানুৱাৰী :ভাৰতীয় কৃষকৰ বাবে যুঁজ দিয়াৰ এয়া এক সুযোগ বুলি উল্লেখ কৰি খালিস্তানী বিচ্ছিন্নতাবাদী দলৰ সদস্যই আন কিছু সংখ্যকৰ সহযোগত নিউয়ৰ্ক আৰু ৱাশ্বিংটন ডি চি স্থিতি ভাৰতীয় দূতাবাসৰ বাহিৰত প্ৰতিবাদী সমদল উলিয়ায় ৷ দেশৰ কৃষিখণ্ডৰ ক্ষেত্ৰত নৰেন্দ্ৰ মোডী চৰকাৰে গৃহীত কৰা নতুন কৃষি আইনক সমালোচনা কৰি ইণ্ডিয়ান মিচনৰ সমুখত শিখ ডি এম ডি য়ুথ আৰু সংগতে প্ৰদৰ্শন কৰা প্ৰতিবাদত সমবেত হয় বহু সংখ্যক লোক ৷ বহু প্ৰতিবাদকাৰীয়ে গেৰুৱা বৰণৰ খালিস্তানী পতাকা উৰুওৱাৰ লগতে ভাৰত-বিৰোধী শ্ল’গান দিয়া পৰিলক্ষিত হয় ৷
ৱাশ্বিংটনৰ এগৰাকী প্ৰতিবাদকাৰী নৰেন্দৰ সিঙে এই নতুন নীতিয়ে ভাৰতৰ গণতন্ত্ৰ আৰু মানৱ অধিকাৰ খৰ্ব কৰা বুলি উল্লেখ কৰে ৷ নৰেন্দৰে কয় যে, ‘‘প্ৰতি বছৰে 26 জানুৱাৰী দিনটো আমি ক’লা দিৱস হিচাপে গণ্য কৰোঁ ৷ কিন্তু এইবাৰ সংহতিৰে ভাৰতীয় কৃষকৰ সৈতে ঠিয় দিছোঁ, যিসকল কেৱল শিখ নহয় বৰঞ্চ সমগ্ৰ দেশৰে ভিন্ন ধৰ্মৰ লোক ৷’’