অসম

assam

By

Published : Nov 29, 2019, 2:36 PM IST

Updated : Nov 29, 2019, 3:38 PM IST

ETV Bharat / bharat

হায়দৰাবাদত ধৰ্ষণ কৰি জ্বলাই দিয়া হ'ল মহিলা পশু চিকিৎসককঃ আৰক্ষীৰ জালত চাৰি হত্যাকাৰী

হায়দৰাবাদত বৃহস্পতিবাৰে সংঘটিত হৈছিল এক নৃশংস হত্যাকাণ্ড ৷ ধৰ্ষণ কৰি জ্বলাই দিয়া হৈছিল এগৰাকী পশু চিকিৎসকক ৷ গ্ৰেপ্তাৰ চাৰি হত্যাকাৰী ৷

গ্ৰেপ্তাৰ ধৰ্ষণ কৰি জ্বলাই দিয়া প্ৰিংয়কা ৰেড্ডীৰ হত্যাকাৰী
গ্ৰেপ্তাৰ ধৰ্ষণ কৰি জ্বলাই দিয়া প্ৰিংয়কা ৰেড্ডীৰ হত্যাকাৰী

নিউজ ডেস্ক, 29 নৱেম্বৰ:হায়দৰাবাদ আৰক্ষীৰ বৃহৎ সফলতা ৷ এগৰাকী যুৱতীৰ হত্যাকাৰীক গ্ৰেপ্তাৰ আৰক্ষীৰ ৷ বৃহস্পতিবাৰে ধৰ্ষণ কৰি নৃশংস ভাৱে জ্বলাই দিয়া হৈছিল হায়দৰাবাদৰ যুৱতীগৰাকীক ৷ ঘটনা সংঘটিত কৰা চাৰিজন লোকক গ্ৰেপ্তাৰ আৰক্ষীৰ ৷ হত্যা কৰা লোক কেইজন চাফাই কৰ্মীৰ লগতে ট্ৰাক চালক ৷ গ্ৰেপ্তাৰ কৰা চাৰিজনৰ দুজন হৈছে মাকটাল চহৰৰ নাৰায়ানাপেটা জিলাৰ মহম্মদ পাছা আৰু মাহাবুব ৷ যুৱতীগৰাকীক টলপ্লাজাৰ ওচৰত ধৰ্ষণ কৰি নৃশংস ভাৱে হত্যা কৰি জ্বলাই দিছিল ৷ ইতিমধ্যে ঘটনাৰ চিচি টিভিৰ দৃশ্য সংগ্ৰহ কৰিছে আৰক্ষীয়ে ৷ চিকিৎসকৰ মতে পুৱা 3-4 বজাত হত্যা কৰা হৈছিল যুৱতীগৰাকীক ৷ চুৰ্ণীৰে হত্যা কৰা হৈছিল যুৱতীগৰাকীক ৷

প্ৰিংয়কা ৰেড্ডীৰ হত্যা ঘটনা সন্দৰ্ভত কেটিআৰৰ টুইট

জানিব পৰা মতে,শুকুৰবাৰে ৰাজ্যখনৰ শিক্ষামন্ত্ৰী ছবিথা ইন্দ্ৰা ৰেড্ডীয়ে আজি যুৱতীগৰাকীৰ বাসগৃহত উপস্থিত হ’ব ৷ মাহাবুবনগৰ জিলাৰ নাভাবপেটা মণ্ডল কুল্লুৰুত সহায়িকা পশু চিকিৎসক হিচাপে কৰ্মৰত আছিল যুৱতীগৰাকী ৷

চিচিটিভি ফুটেজ

এই ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে সমগ্ৰ হায়দৰাবাদ চহৰত ৷ ৰাজ্যখনৰ পৌৰসভা মন্ত্ৰী,মুখ্যমন্ত্ৰী কে.চি.আৰৰ পুত্ৰ কেটি আৰেও টুইটাৰযোগে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে,তেওঁ স্বয়ং এই ঘটনাৰ তত্বাৱধান কৰিব ৷

Last Updated : Nov 29, 2019, 3:38 PM IST

ABOUT THE AUTHOR

...view details