নিউজ ডেস্ক, ৭ জুলাইঃ উত্তৰ প্ৰদেশৰ আইন শৃংখলা পৰিস্থিতি সন্দৰ্ভত সোমবাৰে ৰাজ্যখনত শাসনাধিস্থ চৰকাৰৰ ওপৰত আক্ৰমণ কৰে কংগ্ৰেছ দলৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰাই । উত্তৰ প্ৰদেশত অপৰাধজনিত কাৰণ বৃদ্ধিৰ বাবে জবাবদিহি হ'ব লগা সময়তে "উত্তৰ প্ৰদেশ অপৰাধ মুক্ত" বুলি ৰাজ্য চৰকাৰে মিছা প্ৰচাৰ চলোৱা বুলি মত ব্যক্ত কৰে প্ৰিয়ংকা গান্ধীয়ে ।
গান্ধীয়ে টুইটযোগে লিখে যে, দলিতসকলৰ বিৰুদ্ধে সকলো ধৰণৰ অপৰাধৰ ক্ষেত্ৰতে এক-তৃতীয়াংশ উত্তৰ প্ৰদেশত আছে । উত্তৰ প্ৰদেশত ২০১৬ ৰ পৰা ২০১৮ চনৰ ভিতৰত মহিলা সম্বন্ধীয় অপৰাধ ২১ শতাংশলৈ বৃদ্ধি পাইছে ।