নেশ্যনেল ডেস্ক, ২৭ অক্টোবৰ: উত্তৰ প্ৰদেশ চৰকাৰলৈ লক্ষ্য কৰি কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ৱাদ্ৰাৰ তীব্ৰ বাক্যবাণ। আকাশলংঘী মূল্যবৃদ্ধিক লৈ মঙলবাৰে প্ৰিয়ংকাই কয় যে, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে মিছা প্ৰচাৰত কোটি কোটি টকা ব্যয় কৰিছে, কিন্তু ৰাইজৰ সমস্যা সন্দৰ্ভত মৌন হৈ আছে।
লগতে তেওঁ কয় যে, উত্তৰ প্ৰদেশত উছৱৰ বতৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ বৰ্দ্ধিত মূল্যই সৰ্বসাধাৰণৰ মূৰত ৰাম টাঙোন সোধাইছে। শাক-পাচলিৰ আকাশলংঘী মূল্যবৃদ্ধিয়েও হাৰাশাস্তি ভোগাইছে। টুইটযোগে উত্তৰ প্ৰদেশক চৰকাৰৰ যোগান বিভাগৰ শাক-পাচলিৰ মূল্যবৃদ্ধিত নিয়ন্ত্ৰণ নথকাক লৈ সমালোচনা কৰে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে।