নিউজ ডেস্ক, 22 জুলাই : সোণভদ্ৰা কাণ্ডত নিৰ্লিপ্ত ভূমিকা লোৱাৰ অভিযোগত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথক দেওবাৰে তীব্ৰ কটাক্ষ কৰে প্ৰিয়ংকা গান্ধীয়ে । তেওঁ কয় যে কংগ্ৰেছ দলে শক্তিশালী ৰূপত সোণভদ্ৰাৰ জনজাতি লোকসকলৰ লগত থিয় দিয়াৰ পাছত উত্তৰ প্ৰদেশ চৰকাৰৰ এতিয়া নিদ্ৰা হৰিছে সেয়েহে এতিয়া কোনো ৰাষ্টা নেদেখি এতিয়া সোণভদ্ৰালৈ যাবলৈ বাধ্য হৈছে যোগী আদিত্য নাথ । তেওঁ লগতে কয়, "বিপদৰ সময়ত ভুক্তভোগীৰ কাষত থিয় দিয়াটো চৰকাৰৰ নৈতিক দায়িত্ব আৰু আনৰ কাৰ্যক স্বীকৃতি দিয়াটো এটা ভাল কাম" ।
"আনৰ কামক স্বীকৃতি দিয়াটো ভাল কাম" যোগীক কটাক্ষ প্ৰিয়ংকা গান্ধীৰ - UP
শুকুৰবাৰে সোণভদ্ৰাত হোৱা গুলীচালনা কাণ্ডত নিহতসকলৰ খবৰ ল'বলৈ উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰ জিলাৰ চোনাৰ চহৰত উপস্থিত হৈছিল কংগ্ৰেছ নেত্ৰীগৰাকী । কিন্তু সোণভদ্ৰাত 144 ধাৰা বলৱৎ কৰাৰ কথা দোহাই উত্তৰ প্ৰদেশ চৰকাৰে তেওঁক অনুমতি দিয়াৰ পৰা বিৰত থাকে ।
শুকুৰবাৰে সোণভদ্ৰাত হোৱা গুলীচালনা কাণ্ডত নিহতসকলৰ খবৰ ল'বলৈ উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰ জিলাৰ চোনাৰ চহৰত উপস্থিত হৈছিল কংগ্ৰেছ নেত্ৰীগৰাকী । কিন্তু সোণভদ্ৰাত 144 ধাৰা বলৱৎ কৰাৰ কথা দোহাই উত্তৰ প্ৰদেশ চৰকাৰে তেওঁক অনুমতি দিয়াৰ পৰা বিৰত থাকে । তাৰ পাছদিনাই চোনাৰ এটা অতিথিশালাত নিহতৰ পৰিয়ালক সাক্ষাৎ কৰিছিল প্ৰিয়ংকা গান্ধীয়ে । উল্লেখযোগ্য যে শনিবাৰে নিহতসকলৰ প্ৰতি 5 লাখ টকাৰ এককালীন সাহায্য ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে । যোৱা 17 জুলাইত উত্তৰ প্ৰদেশৰ সোণভদ্ৰাত ভূমিকেন্দ্ৰিক বিবাদক কেন্দ্ৰ কৰি সংঘটিত হৈছিল এক গুলিচালনা কাণ্ড য'ত নিহত হৈছিল 10জনকৈ গোণ্ড ট্ৰাইবেল কৃষক ।