নেশ্যনেল ডেস্ক, 2 জুলাই :কংগ্ৰেছৰ মহা সচিব প্ৰিয়ংকা গান্ধীয়ে 2022 চনৰ উত্তৰ প্ৰদেশৰ নিৰ্বাচনী প্ৰচাৰৰ পূৰ্বে দলৰ কিছু নিয়ম সলনি কৰাৰ বাবে লক্ষ্ণৌলৈ ৰাওনা হ’বলৈ সাজু হৈছে ৷ সেই হেতুকে তেওঁৰ উত্তৰ প্ৰদেশস্থিত লুটয়েন্সৰ বাংলো খালি কৰিবলৈ নিৰ্দেশ দিয়ে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে ৷
এক পত্ৰযোগে কেন্দ্ৰই তেওঁক দিল্লীৰ আটাইতকৈ সুৰক্ষিত স্থানৰ ভিতৰত অন্যতম লোধী ৰোডত থকা বাংলোৰে ওলাই যাবলৈ দিয়ে, কিয়নো তেওঁৰ হাতত এতিয়া বিশেষ সুৰক্ষা বাহিনীৰ দল নাই ৷
কংগ্ৰেছ কৰ্তৃপক্ষই সদৰী কৰা মতে, ‘‘প্ৰিয়ংকা গান্ধীৰ নতুন ৰাজনৈতিক আধাৰ হিচাপে লক্ষ্ণৌৱে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ৷ কাৰণ তেওঁ দেশৰ ভিতৰতে আটাইতকৈ জনপ্ৰিয় ৰাজ্যত কংগ্ৰেছক পুনৰুদ্ধাৰ যো-জা চলাইছে ৷ তেওঁ লক্ষ্ণৌৰ গোখলে মাৰ্গস্থিত এটি বাংলোত উপস্থিত হ’ব বুলি জানিব পৰা গৈছে ৷’’