অসম

assam

ETV Bharat / bharat

ৰে'ল ভ্ৰমণ কৰি প্ৰচাৰ চলাব প্ৰিয়ংকাই - অযোধ্যা

স্থলপথ,জলপথৰ পাছত এইবাৰ ৰে'লপথ ভ্ৰমণৰ জৰিয়তে জনসম্পৰ্ক গঢ়ি তোলাৰ প্ৰয়াস কৰিছে ৰাজনৈতিক নেত্ৰীগৰাকীয়ে । প্ৰয়াগৰাজত নৌকা বিহাৰৰ পাছত প্ৰথমবাৰ প্ৰিয়ংকা গান্ধীক এনেদৰে অযোধ্যালৈকে ৰে'ল ভ্ৰমণ কৰা দেখিবলৈ পোৱা যাব ।

কংগ্ৰেছ দলৰ মহাসচিব প্ৰিয়ংকা গান্ধীৰ ৰ'ড শ্ব'

By

Published : Mar 26, 2019, 11:28 AM IST

নিউজ ডেক্স,26মাৰ্চঃ বুধবাৰে দিল্লীৰ পৰা অযোধ্যালৈ ৰে'লেৰে ভ্ৰমণ কৰি প্ৰিয়ংকা গান্ধীয়ে অযোধ্যাৰ কংগ্ৰেছ প্ৰাৰ্থী নিৰ্মল ক্ষেত্ৰীৰ বাবে প্ৰচাৰ চলাব । ৩দিনীয়া অযোধ্যা ভ্ৰমণত প্ৰিয়ংকা গান্ধীয়ে আমেথীআৰু ৰায়বৰেলী ভ্ৰমণ কৰাৰো সম্ভাৱনা আছে ।

কংগ্ৰেছ দলৰ মহাসচিব প্ৰিয়ংকা গান্ধীৰ ৰ'ড শ্ব'
জানিব পৰা মতে, প্ৰায় ৫০ কি.মি জোৰা এক ৰ'ড শ্বত অংশগ্ৰহণ কৰিব কংগ্ৰেছ দলৰ মহাসচিব গৰাকীয়ে । এই যাত্ৰা কালত তেঁও স্থানীয় লোকসকলৰসৈতে মত বিনিময় কৰিব আৰু লগতে ফেজাবাদৰ এখন জনসভাও সম্বোধন কৰিব ।

উল্লেখ্য যে, স্থলপথ,জলপথৰ পাছত এইবাৰ ৰে'লপথ ভ্ৰমণৰ জৰিয়তে জনসম্পৰ্ক গঢ়ি তোলাৰ প্ৰয়াস কৰিছে ৰাজনৈতিক নেত্ৰীগৰাকীয়ে । প্ৰয়াগৰাজত নৌকা বিহাৰৰ পাছত প্ৰথমবাৰ প্ৰিয়ংকা গান্ধীক এনেদৰে অযোধ্যালৈকে ৰে'ল ভ্ৰমণ কৰা দেখিবলৈ পোৱা যাব ।

ABOUT THE AUTHOR

...view details