অসম

assam

ETV Bharat / bharat

উত্তৰ প্ৰদেশৰ কৃষকক কুঁহিয়াৰৰ মূল্য পৰিশোধ নকাৰৰ বিৰুদ্ধে সৰৱ প্ৰিয়ংকা গান্ধী

উত্তৰ প্ৰদেশৰ কৃষকসকলক কুঁহিয়াৰৰ মূল্য পৰিশোধ নকৰাৰ বাবে শাসকীয় বিজেপি চৰকাৰক টুইটাৰযোগে সমালোচনা কংগ্ৰছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভদ্ৰাৰ ৷

Priyanka Gandhi attacks BJP govt over unpaid dues of UP sugarcane farmers
উত্তৰ প্ৰদেশৰ কৃষকক কুঁহিয়াৰৰ মূল্য পৰিশোধ নকাৰৰ বিৰুদ্ধে সৰৱ প্ৰিয়ংকা গান্ধী

By

Published : Dec 7, 2020, 2:23 PM IST

নেশ্যনেল ডেস্ক,7 ডিচেম্বৰঃ উত্তৰ প্ৰদেশৰ কৃষকসকলক কুঁহিয়াৰৰ বাবে মূল্য পৰিশোধ নকৰা বাবে বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভদ্ৰাই ৷

উত্তৰ প্ৰদেশৰ কৃষকক কুঁহিয়াৰৰ মূল্য পৰিশোধ নকাৰৰ বিৰুদ্ধে সৰৱ প্ৰিয়ংকা গান্ধী

তেখেতে টুইটযোগে কয়, "সংদৰ ভিতৰচ’ৰা নিৰ্মানৰ বাবে বিজেপি চৰকাৰৰ হাতত 20,000 কোটি টকা আছে, প্ৰধানমন্ত্ৰীৰ বাবে বিশেষ বিমান ক্ৰয়ৰ বাবে 16,000 কোটি টকা আছে ৷ কিন্তু উত্তৰ প্ৰদেশৰ কৃষকসকলক কুঁহিয়াৰৰ বাবে উচিত মূল্য দিবলৈ 14,000 কোটি টকাৰ অভাৱ ৷ 2017 চনৰ পৰা কুঁহিয়াৰৰ মূল্য বৃদ্ধিৰ ব্যৱস্থা কৰা হোৱা নাই ৷ শাসকীয় চৰকাৰখনে কেৱল কোটিপতিসকলৰ কথাহে চিন্তা কৰে ৷"

সমান্তৰালকৈ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিম্নতম সমৰ্থন মূল্য ব্যৱস্থা ধ্বংস কৰি কৃষকসকলক দুৰ্বল কৰাৰ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছে ৷ প্ৰধানমন্ত্ৰীৰ প্ৰতিটো সিদ্ধান্তই পুঁজিপতিসকলৰ লাভৰ বাবে ৷ কৃষকসকলে চৰকাৰৰ এই ষড়যন্ত্ৰ ভালদৰে উপলব্ধি কৰিছে বুলি মন্তব্য কৰে বিৰোধী দলটোৱে ৷

লগতে পঢ়ক-COVID-১৯: ভাৰতত নতুনকৈ ৩২,৯৮১ জন আক্ৰান্ত

ABOUT THE AUTHOR

...view details