নিউজ ডেস্ক,3 নৱেম্বৰঃ কংগ্ৰেছ সাধাৰণ সম্পাদিকা প্ৰিয়ঙ্কা গান্ধীৰ ব্যক্তিগত গোপনীয়তাৰ সৈতে আপোচ হোৱাৰ অভিযোগ উত্থাপন কৰিছে ভাৰতীয় জাতীয় কংগ্ৰেছে ৷ দলটোৰ জ্যেষ্ঠ মুখপাত্ৰ ৰণদীপ সিঙ সূৰ্য্যৱালাই দেশৰ শাসকীয় দলটো এইধৰণৰ তথ্য চুৰি কাৰ্যত ওতঃপ্ৰোতভাৱে জড়িত থকা বুলি অভিযোগ উত্থাপন কৰিছে ৷
মুখপাত্ৰগৰাকীয়ে কয়,"আনকি 'স্পাইৱেৰ পেগাচাচ'ৰ মাৰাত্মক ম'বাইল ভাইৰাছ 2019 ৰ সাধাৰণ নিৰ্বাচনৰ সময়ত ব্যৱহৃত হৈছিল ৷ বিজেপি চৰকাৰ এই সকলোবোৰৰ বিষয়ে জ্ঞাত ৷ তাৰ পাছতো চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে ৷"
এইধৰণৰ চাইবাৰ ক্ৰাইমৰ বাবে এতিয়া কংগ্ৰেছ দলক মূল টাৰ্গেট কৰি লোৱা হৈছে বুলি উদ্বিগ্নতা ব্যক্ত কৰে কংগ্ৰেছ মুখপাত্ৰগৰাকীয়ে ৷ তাৰোপৰি 'স্পাইৱেৰ পেগাচাচ' পৰ্যায়ৰ ভাইৰাছসমূহ বৰ্তমান সময়ত দেশৰ ৰাজনৈতিক নেতা, সাংবাদিক, আইনজ্ঞ, সামাজিক সংস্থা আৰু মানৱাধিকাৰ কৰ্মীৰ বিৰুদ্ধে তথ্যৰ হেকিং আৰু গুপ্তচৰগিৰিৰ নামত বহুল ৰূপত ব্যৱহৃত হৈছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে সূৰ্য্যৱালাই ৷ আনহাতে দেশত বৃদ্ধি পোৱা অবৈধ আৰু অসাংবিধানিক ভাৱে তথ্যৰ নিৰীক্ষণ আৰু গুপ্তচৰগিৰিৰ সন্দৰ্ভত কংগ্ৰেছ নেতাগৰাকীয়ে শাসনাধিষ্ঠিত বিজেপি চৰকাৰক উক্ত চক্ৰসমূহৰ পৃষ্ঠপোষক আৰু সমৰ্থক আখ্যা দিয়ে ৷ ইফালে বিজেপি দলৰ সম্পূৰ্ণ নাম তেখেতে- 'ভাৰতীয় জাছুচ পাৰ্টী' বুলি কটাক্ষ কৰে ৷
স্মতব্য যে, দেশৰ অগ্ৰণী ৰাজনৈতিক নেতাৰ ব্যক্তিগত গোপনীয়তাৰ সৈতে আপোচ হোৱাৰ ঘটনা এয়াই প্ৰথম হিচাবে পৰিগণিত হৈছে ৷
আনহাতে কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰগৰাকীয়ে কয়, "বিজেপি চৰকাৰখনে অবৈধ আৰু অসাংবিধানিকভাৱে ম'বাইল ফোনসমূহৰ হেংকি আৰু নিৰীক্ষণ কাৰ্যত লিপ্ত থকা সংস্থাসমূহক উদগনি যোগাই আহিছে ৷ আইনৰ নিয়ম আৰু মৌলিক অধিকাৰৰ অন্তৰ্গত গোপনীয়তাৰ অধিকাৰ এতিয়া মোডী চৰকাৰৰ বাবে এক প্ৰহসন ৷"