অসম

assam

ETV Bharat / bharat

গ্ৰেপ্তাৰ প্ৰিয়ংকা !

এই সংঘৰ্ষক লৈ উত্তৰ প্ৰদেশত কংগ্ৰেছ বিজেপিৰ মাজত আৰম্ভ হৈছে বোকা ছটিওৱাৰ ৰাজনীতি ৷ ঘটনাত জড়িত থকাৰ অভিযোগ 78 জনৰ বিৰুদ্ধে দাখিল হোৱাৰ উপৰিও 24 জনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি প্ৰিয়ংকা গান্ধীয়ে টুইটাৰযোগে উত্তৰ প্ৰদেশ চৰকাৰ নিদ্ৰাত আছে নেকি বুলিও তাচ্ছিল্য কৰে ৷ লগতে কেতিয়াকৈ ৰাজ্যখন অপৰাধ মুক্ত হ'ব বুলিও প্ৰশ্ন উত্থাপন কৰে ৷ আনহাতে এই ঘটনাৰ বাবে কংগ্ৰেছক জগৰীয়া কৰে বিজেপিয়ে ৷

By

Published : Jul 19, 2019, 8:50 PM IST

ETV BHARAT

লক্ষ্নৌ,19 জুলাই : সোণভদ্ৰ জিলাৰ সংঘৰ্ষৰ মৃতকৰ পৰিয়ালক সাক্ষাৎ কৰিবলৈ যাঁওতে প্ৰিয়ংকা গান্ধীক উত্তৰ প্ৰদেশ আৰক্ষীৰ বাধা ৷ বুধবাৰে ভূমি সংক্ৰান্তৰ এক বিবাদে ৰূপ লৈছিল সংঘৰ্ষৰ ৷ঘটনাটোত মহিলাসহ 10 জন লোক নিহত হোৱাৰ লগতে আহত হৈছিল 23 গৰাকী ৷

প্ৰিয়ংকা গান্ধীক উত্তৰ প্ৰদেশ আৰক্ষীৰ বাধা

ইতিমধ্যে এই সংঘৰ্ষক লৈ উত্তৰ প্ৰদেশত কংগ্ৰেছ বিজেপিৰ মাজত আৰম্ভ হৈছে বোকা ছটিওৱাৰ ৰাজনীতি ৷ ঘটনাত জড়িত থকাৰ অভিযোগ 78 জনৰ বিৰুদ্ধে দাখিল হোৱাৰ উপৰিও 24 জনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি প্ৰিয়ংকা গান্ধীয়ে টুইটাৰযোগে উত্তৰ প্ৰদেশ চৰকাৰ নিদ্ৰাত আছে নেকি বুলিও তাচ্ছিল্য কৰে ৷ লগতে কেতিয়াকৈ ৰাজ্যখন অপৰাধ মুক্ত হ'ব বুলিও প্ৰশ্ন উত্থাপন কৰে ৷ আনহাতে এই ঘটনাৰ বাবে কংগ্ৰেছক জগৰীয়া কৰে বিজেপিয়ে ৷

ইয়াৰ পাচতে শুকুৰবাৰে মৃতকৰ পৰিয়ালৰ খবৰ ল'বৰ বাবে সোণভদ্ৰত উপস্থিত হয় প্ৰিয়ংকা৷ কিন্তু প্ৰিয়ংকা গান্ধীক বাধা প্ৰদান কৰি আটক কৰে আৰক্ষীয়ে ৷ আৰক্ষীৰ এই পদক্ষেপৰ প্ৰতিবাদ জনাই ধৰ্ণাত বহে প্ৰিয়ংকা গান্ধী ৷ তেওঁ প্ৰকাশ কৰে যে,তেওঁ কেৱল চাৰিগৰাকী লোক লৈ তেওঁলোকক সাক্ষাৎ কৰিব বিচাৰিছে ৷ যদি তেওঁক বাধা দিয়া হৈছে তেনেহ'লে কিহৰ ভিত্তিত বাধা দিয়া হৈছে জনাবলৈ আহ্বান জনায় আৰক্ষীক ৷

আনহাতে এই ঘটনাৰ বাবে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে দোষাৰোপ কৰে কংগ্ৰেছক ৷ কংগ্ৰেছেই ভূ মাফিয়াক সুৰক্ষা দিয়াৰ বাবেই এনে ঘটনা সংঘটিত হ'বলৈ পালে বুলিও তেওঁ অভিযোগ উত্থাপন কৰে ৷

ABOUT THE AUTHOR

...view details