নিউজ ডেস্ক, ১৮ জুনঃ কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখৰ গালৱান উপত্যকাত চীনা সৈন্যৰ আক্ৰমণত ২০ জনকৈ ভাৰতীয় জোৱান শ্বহীদ হোৱা ঘটনাত শোকপ্ৰকাশ বলীউড অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাৰ। বৃহস্পতিবাৰে টুইটাৰযোগে শোকপ্ৰকাশ কৰে অভিনেত্ৰীগৰাকীয়ে।
লাডাখত শ্বহীদ হোৱা ২০ জোৱানক শ্ৰদ্ধাঞ্জলী প্ৰিয়ংকা চোপ্ৰাৰ - india china war
চীনা সৈন্যৰ আক্ৰমণত শ্বহীদ হোৱা ২০ জনকৈ জোৱানৰ মৃত্যুত টুইটাৰযোগে শোক প্ৰকাশ বলীউড অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাৰ। টুইটযোগে ঈশ্বৰে জোৱান কেইজনৰ পৰিয়ালক এই অপূৰণীয় ক্ষতিৰ হকে মোকাবিলা কৰিব পৰাকৈ শক্তি দিয়ক বুলি উল্লেখ কৰে অভিনেত্ৰীগৰাকীয়ে।
![লাডাখত শ্বহীদ হোৱা ২০ জোৱানক শ্ৰদ্ধাঞ্জলী প্ৰিয়ংকা চোপ্ৰাৰ Priyanka Chopra](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-07:04:22:1592487262-2020-18061-fkrglme1592485204473-22-1806email-1592485215-178.jpg)
Priyanka Chopra pays tribute to soldiers killed in Ladakh face-off
সম্প্ৰতি স্বামী নিক জোনছৰ সৈতে আমেৰিকাত থকা অভিনেত্ৰীগৰাকীয়ে,"জোৱান কেইজনৰ মৃত্যু তথা তেওঁলোকৰ পৰিয়ালৰ বাবে মোৰ মন বৰ দুখিত। ঈশ্বৰে তেওঁলোকক পৰিয়ালক এই অপূৰণীয় ক্ষতিৰ হকে মোকাবিলা কৰিবলৈ শক্তি দিয়ক"বুলি টুইটাৰযোগে উল্লেখ কৰে।
লগতে চাওকঃ উৎকোচ লোৱাৰ অভিযোগত কৰায়ত্ব বন সংৰক্ষক