অসম

assam

By

Published : Aug 19, 2020, 4:54 PM IST

ETV Bharat / bharat

গান্ধী পৰিয়ালৰ বাহিৰৰ এজন হওঁক কংগ্ৰেছৰ অধ্যক্ষ: প্ৰিয়ংকাৰো সহমত

কংগ্ৰেছ মহাসচিব প্ৰিয়ংকা গান্ধী বাড্ৰাই এখন আলোচনীৰে হোৱা এটি সাক্ষাৎকাৰত উল্লেখ কৰিলে যে, কংগ্ৰেছৰ অধ্যক্ষ পদত গান্ধী পৰিয়ালৰ বাহিৰৰ এগৰাকী নেতাক নিয়োগ কৰা ক্ষেত্ৰত ভাতৃ ৰাহুল গান্ধীৰ দৃষ্টিকোণৰ লগত প্ৰিয়ংকা গান্ধীৰো সহমত আছিল ।

Priyanka backs Rahul's decision, says 'Congress should have a non-Gandhi President'
গান্ধী পৰিয়ালৰ বাহিৰৰ এজন হওঁক কংগ্ৰেছৰ অধ্যক্ষ: প্ৰিয়ংকাৰো সহমত

নেশ্যনেল ডেস্ক, ১৯ আগষ্ট: কংগ্ৰেছ মহাসচিব প্ৰিয়ংকাই ক'লে, যোৱাটো লোকসভাৰ নিৰ্বাচনত কংগ্ৰেছ দলৰ পৰাজয়ৰ অন্তত নিজৰ পদত্যাগ পত্ৰ দাখিল কৰি ৰাহুল গান্ধীয়ে উল্লেখ কৰিছিল যে, নিৰ্বাচনত পৰাজয়ৰ দায়িত্ব তেওঁ নিজে স্বীকাৰ কৰি লোৱাটো উচিত । লগতে ৰাহুলে উল্লেখ কৰিছিল যে, আমাৰ পৰিয়ালৰ পৰা কোনো এজনেই দলৰ অধ্যক্ষ নোহোৱাটো ভাল ।

এই প্ৰসংগ উল্লেখ কৰি প্ৰিয়ংকাই কলে, মোৰ ভাতৃ ৰাহুলৰ এই কথাত সম্পূৰ্ণ সহমত আছে । মই ভাৱো, দলক নিজৰ পথটোও বিচৰা উচিত ।

অলপতে এখন আলোচনীত প্ৰকাশিত 'ইণ্ডিয়া তুমৰো: কন্ভাৰ্চেশ্ব্যন ৱিথ নেক্সট জেনেৰেশ্ব্যন অৱ পলিটিকেল লিডাৰ্চ' ত হৰ্ষ শ্বাহ আৰু প্ৰদীপ চিব্বালৰে হোৱা এটা সাক্ষাৎকাৰত কংগ্ৰেছ নেত্ৰী গৰাকীয়ে উল্লেখ কৰিলে এই কথা ।

সাক্ষাৎকাৰটোত তেওঁ ক'লে, কংগ্ৰেছৰ সফল নেতৃত্বৰ বাবে দলত বহু সংখ্যক সক্ষম নেতা আছে । দলত গান্ধী পৰিয়ালৰ বাহিৰেও যদি অন্য কোনো কংগ্ৰেছ নেতাই দায়িত্ব চম্ভালে তথাপিও তেওঁলোক সদায়েই লগত থাকিব ।

সাক্ষাৎকাৰটোত লগতে প্ৰিয়ংকাই এইবুলিও উল্লেখ কৰিলে যে, যদিহে দলে তেওঁক উত্তৰ প্ৰদেশৰ পৰা নিবিচাৰি আন্দামান আৰু নিকোবৰত বিচাৰে, তেনে ক্ষেত্ৰটো তেওঁ আন্দামান আৰু নিকোবৰ যাবলৈকো প্ৰস্তুত ।

২০১৯ৰ লোকসভা নিৰ্বাচনত দলৰ পৰাজয়ৰ বাবে ৰাহুল গান্ধীয়ে কংগ্ৰেছ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰিছিল আৰু ইয়াৰ পিছতে ছোনীয়া গান্ধীক অন্তৱৰ্তীকালিন অধ্যক্ষ হিচাবে নিয়োগ কৰা হৈছিল । ইফালে যোৱাটো সপ্তাহত কংগ্ৰেছৰ ভিতৰ চ'ৰাত দলৰ অধ্যক্ষ নিৰ্বাচনৰ বাবে দাবী উত্থাপিত হৈছে ।

দলৰ পৰা বৰ্খাস্ত কৰা পূৰ্বৰ কংগ্ৰেছ প্ৰৱক্তা সঞ্জয় ঝাই অলপতে দাবী কৰি কৈছিল যে, প্ৰায় ১০০ গৰাকী কংগ্ৰেছ নেতাই ছোনীয়া গান্ধীক এখন পত্ৰৰ জৰিয়তে ৰাজনৈতিক নেতৃত্ব আৰু সংগঠনৰ পাৰদৰ্শী নেতাৰ সাল সলনিৰ বাবে নিৰ্বাচনৰ দাবী উত্থাপন কৰা হৈছিল ।

এই প্ৰসংগত ইটিভি ভাৰতে ঝাৰ লগত যোগাযোগ কৰাত নিলম্বিত নেতাগৰাকীয়ে পুনৰ এই কথাকেই ক'লে যি প্ৰিয়ংকাই সাক্ষাৎকাৰত উল্লেখ কৰিছিল ।

প্ৰিয়ংকাই এই কথাও কৈছিল যে, ৰাহুল গান্ধীয়ে নতুন প্ৰতিভাক সুযোগ দিয়াৰ বাবে এন এচ ইউ আই আৰু যুৱ কংগ্ৰেছকো অন্তৰ্ভূক্ত কৰি নিৰ্বাচন কৰাৰ কথা উল্লেখ কৰিছিল ।

কংগ্ৰেছ নেত্ৰীগৰাকীয়ে স্বামী ৰবাৰ্ট বাড্ৰাৰ ওপৰত ওঠা অভিযোগ প্ৰসংগতো কৰিলে উল্লেখ । ক'লে, মোৰ স্বামীৰ ওপৰত ওঠা সকলো অভিযোগৰ পিছত মোৰ প্ৰথম প্ৰতিক্ৰিয়া হ'ল, আমাৰ ১৩বছৰীয়া সন্তানটোৰ যাত্ৰাৰ বিষয়ে জানক আৰু তেওঁক এইবোৰৰ প্ৰতিটো লেনদেন দেখুৱাওঁক ।

সাক্ষাৎকাৰটোত প্ৰিয়ংকাৰ উদ্ধৃতি দি লগতে উল্লেখ কৰা হৈছে যে, তেওঁলোকৰ সন্তানটোৱে এই সমূহ অভিযোগৰ কাৰণেই বহু অসুবিধাৰ মুখামুখি হ'ব লগা হৈছে, কিয়নো তেওঁ বৰ্ডিং স্কুলত থাকি পঢ়ি আছে । লগতে তেওঁৰ স্বামীয়েও ভুগি আহিছে নানান অশান্তিৰ ।

ABOUT THE AUTHOR

...view details