অসম

assam

ETV Bharat / bharat

ব্যক্তিগতকৰণ সংবিধানৰ সংৰক্ষণৰ ব্যৱস্থাক হাইজেক কৰাৰ এটি আহিলাঃৰতন ভৌমিক

ব্যক্তিগতকৰণ অভিযানৰ দ্বাৰা সংবিধানৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত সংৰক্ষণৰ অধিকাৰসমূহ হস্তগত কৰিছে কেন্দ্ৰীয় বিজেপি চৰকাৰখনে ৷ এই মন্তব্য ত্ৰিপুৰাৰ প্ৰাক্তন মন্ত্ৰী ৰতন ভৌমিকৰ ৷

as_nyl_Tripura_former_Minister_Ratan_Bhowmik_on_bjp_vis
ব্যক্তিগতকৰণ সংবিধানৰ সংৰক্ষণৰ ব্যৱস্থাক হাইজেক কৰাৰ এটি আহিলাঃৰতন ভৌমিক

By

Published : Dec 29, 2020, 6:10 PM IST

আগৰতলা,29 ডিচেম্বৰ: নিজৰ বৃহৎ ব্যক্তিগতকৰণ অভিযানৰ দ্বাৰা সংবিধানৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত সংৰক্ষণৰ অধিকাৰসমূহ হস্তগত কৰা বুলি কেন্দ্ৰীয় চৰকাৰৰ ওপৰত অভিযোগ উত্থাপন কৰিছে ত্ৰিপুৰা তাপিশিলী জাতি সমন্বয় সমিতিৰ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী মানিক সৰকাৰৰ কেবিনেটৰ প্ৰাক্তন মন্ত্ৰী ৰতন ভৌমিকে ৷ প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে কয় কেন্দ্ৰীয় চৰকাৰে অনুন্নত শ্ৰেণীটোৰ দায়িত্ব ল’বলৈ নিবিচাৰে ৷ বঞ্চিত এই শ্ৰেণীটোক চাকৰি প্ৰদানৰ উপৰিও অন্যান্য সুবিধাসমূহ প্ৰদানৰ পৰা হাত সাৰিবলৈ চৰকাৰে ব্যক্তিগতকৰণৰ ব্যৱস্থা হাতত লৈছে, যাতে কোনেও চাকৰিৰ বাবে দাবী কৰিব নোৱাৰে ৷ মঙলবাৰে আগৰতলাত অনুষ্ঠিত এক প্ৰতিনিধি সভাত এই মন্তব্য কৰে প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে ৷

ৰতন ভৌমিকৰ মন্তব্য

ৰতন ভৌমিকে কেন্দ্ৰীয় চৰকাৰখনৰ ব্যক্তিগতকৰণ ব্যৱস্থাৰ ওপৰত মন্তব্য কৰি আৰু কয়, আপোনালোকে চৰকাৰৰ এই চক্ৰান্তৰ বিষয়ে স্পষ্টকৈ উপলব্ধি কৰিব পাৰে ৷ কেনেদৰে চৰকাৰখনে বিমানবন্দৰৰ পৰা বেংক, এল.আই.চিৰ পৰা বি.এছ.এন.এল, সকলো ব্যক্তিগত কোম্পানীক হস্তগত কৰিছে ৷ কেন্দ্ৰত অধিষ্ঠিত বিজেপি চৰকাৰখনৰ উপৰিও ৰাজ্য চৰকাৰখনকো ক্ষুৰধাৰ সমালোচনা কৰে নেতাগৰাকীয়ে ৷ বিজেপি শাসনলৈ অহাৰ পৰা দৰিদ্ৰ লোকসকল আটাইতকৈ বেছি ভুক্তভোগী বুলি ক্ষোভ প্ৰকাশ কৰে নেতাগৰাকীয়ে ৷ কৰ’ণাক আচিলা হিচাপে লৈ বিজেপিয়ে দৰিদ্ৰ শ্ৰেণীটোক শোষণ কৰা বুলিও কয় ৰতন ভৌমিকে ৷ ইয়াৰ উপৰিও কিছুদিন পূৰ্বে ত্ৰিপুৰাত চিপিএমৰ যুৱ মৰ্চাৰ এক সভাত অহা কৰ্মীসকলৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাত দুঃখ প্ৰকাশ কৰে ৷

লগতে পঢ়ক-শিৱসাগৰৰ পৰা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব অখিল গগৈয়ে

ABOUT THE AUTHOR

...view details