নিউজ, 10 অক্টোবৰঃ কৰ্ণাটক বিধানসভাৰ তিনিদিনীয়া শীতকালীন অধিৱেশনৰ পূৰ্বেই সংবাদমাধ্যমৰ ওপৰত আৰোপ কৰা হৈছে নিষেধাজ্ঞা ৷ বিধানসভাৰ অধ্যক্ষ বিশ্বেশ্বৰ হেগড়ে কাগেড়ীয়ে অধিৱেশনৰ পূৰ্বেই দেশৰ ৰাষ্ট্ৰীয় আৰু আঞ্চলিক ভাষাৰ ব্যক্তিগত টেলিভিছন চেনেলৰ ওপৰত আৰোপ কৰিছে নিষেধাজ্ঞা ৷ সেই অনুসৰি, আগন্তুক শীতকালীন অধিৱেশনত "LIVE" সম্প্ৰচাৰ কৰিব নোৱাৰিব কোনোধৰণৰ ব্যক্তিগত টেলিভিচন চেনেল ৷ অৱশ্যে ছপা আৰু অন্যান্য মাধ্যমসমূহৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা প্ৰযোজ্য নহ'ব যদিও বিধানসভাৰ ভিতৰত সংবাদমাধ্যমৰ কেমেৰা সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে অধ্যক্ষগৰাকীয়ে ৷
আজিৰে পৰা প্ৰযোজ্য হোৱা এই অধিসূচনাটোত দেশৰ সকলো ব্যক্তিগত টেলিভিচন চেনেলে দুৰদৰ্শনৰ পৰা "LIVE FEED" তথা "DEFERRED LIVE" গ্ৰহণ কৰিব পাৰিব ৷ লোকসভা টিভি আৰু ৰাজ্যসভা টিভিৰ পৰা ব্যক্তিগত ৰাষ্ট্ৰীয় আৰু আঞ্চলিক পৰ্যায়ৰ সংবাদমাধ্যমসমূহে এই সুবিধা গ্ৰহণ কৰিব পাৰিব ৷ অৱশ্যে টেলিভিচন চেনেলক বাদ দি ছপামাধ্যম আৰু অন্যান্য সংবাদ মাধ্যম সমূহে বিধানসভাৰ অধিৱেশনৰ বাতৰি সংগ্ৰহ কৰিব পাৰিব যদিও বিধানসভাৰ ভিতৰত কোনোধৰনৰ কেমেৰা নিব নোৱাৰিব ৷
ৰাজ্যখনৰ কংগ্ৰেছ জ্যেষ্ঠ কংগ্ৰেছী বিধায়ক তথা বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ কে আৰ ৰমেশ কুমাৰে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷ ৰমেশ কুমাৰৰ মতে, বিগত দুটা দশকত ব্যক্তিগত টেলিভিচন চেনেলসমূহক বিধানসভাৰ অধিৱেশনৰ বাতৰি সম্প্ৰচাৰ কৰিবলৈ অনুমতি দিয়া হৈছিল ৷ কিন্তু একমাত্ৰ দুৰদৰ্শনক বাদ দি বাকীসকলোবোৰ টেলিভিচন চেনেলে বাতৰি সম্প্ৰচাৰৰ ক্ষেত্ৰত দেখুওৱা অনীহাৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰে অধ্যক্ষগৰাকীয়ে ৷ অধ্যক্ষগৰাকীৰ এই সিদ্ধান্তক অ-গণতান্ত্ৰিক আখ্যা দিয়ে ৰমেশ কুমাৰে ৷