অসম

assam

By

Published : Jun 25, 2020, 11:42 PM IST

ETV Bharat / bharat

গোলকীয় মহাকাশ অৰ্থনীতি দখল কৰাৰ বাবে ব্যক্তিগত উদ্যোগৰ প্ৰয়োজনঃ ISRO

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ISRO ৰ প্ৰধান কে শিবানে জনাই যে, বেচৰকাৰী সংস্থা সমূহক গৱেষণা কেন্দ্ৰত অংশগ্ৰহণ কৰিবলৈ অনুমতি প্ৰদান কৰিব লাগে। ইয়াৰ জৰিয়তে মহাকাশ গৱেষণা কেন্দ্ৰ অধিক লাভান্বিত হ'ব । লগতে তেওঁ জনোৱা অনুসৰি, মহাকাশ প্ৰযুক্তিৰ সংস্কাৰৰ বাবে বেচৰকাৰী সংস্থা সমূহক অন্তভূক্ত হবলৈ অনুমতি প্ৰদান কৰিব লাগে ।

Private players needed to take over global space economy: ISRO
Private players needed to take over global space economy: ISRO

নিউজ ডেস্ক, ২৫ জুন :ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ISRO ৰ প্ৰধান কে শিবানে জনাই যে, বেচৰকাৰী সংস্থা সমূহক গৱেষণা কেন্দ্ৰত অংশগ্ৰহণ কৰিবলৈ অনুমতি প্ৰদান কৰিব লাগে। ইয়াৰ জৰিয়তে মহাকাশ গৱেষণা কেন্দ্ৰ অধিক লাভান্বিত হ'ব । লগতে তেওঁ জনোৱা অনুসৰি, মহাকাশ প্ৰযুক্তিৰ সংস্কাৰৰ বাবে বেচৰকাৰী সংস্থা সমূহক অন্তভূক্ত হবলৈ অনুমতি প্ৰদান কৰিব লাগে । লগতে, বিশ্ববাসীৰ ৩৬০ বিলিয়ন ডলাৰৰ ভিতৰত ভাৰতৰ অৱদান মাত্ৰ ৩ শতাংশ । যাৰবাবে ব্যক্তিগত উদ্যোগ সমূহক ইয়াত অংশগ্ৰহণ কৰিবলৈ দিলে ইয়াৰ পৰিসৰ বৃদ্ধি হোৱাৰ সম্ভাৱনা কৰাৰ লগতে উন্নত মানত আৰু নিখুত ভাবে কাম সম্পাদন হ'ব বুলি কে শিবানে উল্লেখ কৰে ।

লগতে তেওঁ পুনৰ জনোৱা অনুসৰি, এই কৰ্মৰ পিচত ভাৰতে বহল পৰিসৰৰ ভিত্তিত কাম কৰিব পাৰিব আৰু বিশ্বত মহাকাশ অৰ্থনীতিত ভাৰতৰ অৱদান উল্লেখনীয় হ'ব । তেওঁ পুনৰ জনোৱা অনুসৰি, কোভিড-১৯ ৰ বাবে বৰ্তমান মহাকাশ গৱেষণা কেন্দ্ৰত যথেষ্ট বাধাৰ সন্মুখীন হৈছে । লগতে চলিত বৰ্ষত ১০ টা মহাকাশ মিছন বিঘ্নিত হোৱা বুলি কে শিবানে উল্লেখ কৰে ।

শেহতীয়াকৈ মহামাৰীৰ বাবে মহাকাশ গৱেষণাৰ কামো বন্ধ হৈ থকা বুলি প্ৰধান গৰাকীয়ে উল্লেখ কৰে ।

উল্লেখযোগ্য যে, চন্দ্ৰযান-২ ৰ বিফলতাৰ পিচত সংস্থাটিয়ে পুনৰ চন্দ্ৰযান মুকলি কৰাৰ পৰিকল্পনা কৰিছিল । যিখন চলিত বৰ্ষৰ শেষৰ ফালে মুকলি কৰাৰ পৰিকল্পনা আছিল । লগতে, মানৱ অন্তৰিক্ষ মিচন গগনয়ান ২০২২ ৰ বাবে তিনিজন ভাৰতীয়ক অনৰীক্ষত পঠোৱাৰ পৰিকল্পনা কৰিছিল । লগতে এই অভিযানৰ বাবে ইতিমধ্যে চাৰিজন পাইলটক ৰাছিয়াত প্ৰশিক্ষণ দি থকা হৈছে ।

লগতে পঢ়ক : ৰাজ্যত পুনৰ লক ডাউন বৃদ্ধিৰ সম্ভাৱনা !

ABOUT THE AUTHOR

...view details