অসম

assam

ETV Bharat / bharat

খৰ্গহস্ত ব্যক্তিগত খণ্ডৰ চিকিৎসালয় সেৱা - চৰকাৰী খণ্ডৰ স্থাস্থ্য আঁচনিক লৈ অসন্তুষ্টি প্ৰকাশ ব্যক্তিগত খণ্ডৰ চিকিৎসালয় সন্থাৰ

চৰকাৰী খণ্ডৰ স্থাস্থ্য আঁচনিক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে ব্যক্তিগত খণ্ডৰ চিকিৎসালয় সন্থাই ৷ বুজন পৰিমাণৰ ধন বৰ্তমানেও পৰিশোধ নকৰাৰ বাবে নগদবিহীন লেনদেন সেৱা বন্ধ কৰি দিব বুলি মন্তব্য কৰে সন্থাটোৱে ৷

Association of Health Providers in India (AHPI) ৰ প্ৰৱন্ধক
ড: গিৰিধৰ জ্ঞানী

By

Published : Jan 11, 2020, 6:46 PM IST

নেশ্যনেল ডেস্ক, 11 জানুৱাৰী : কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আঁচনি (CGHS) আৰু প্ৰাক্তন সৈন্য সাহাৰ্য স্বাস্থ্য আঁচনিৰ (ECHS) অধীনত নগদবিহীন লেনদেন সুবিধা বন্ধ কৰিব বুলি ভাবুকি দিছে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ে ৷

ড: গিৰিধৰ জ্ঞানীৰ সৈতে ইটিভি ভাৰতৰ সাক্ষাৎকাৰ

বিত্ত মন্ত্ৰণালয়ে 2,000 কোটিতকৈও অধিক টকাৰ বিল বৰ্তমানেও প্ৰদান নকৰা বাবে ব্যক্তিগত খণ্ডৰ চিকিৎসালয় সন্থাই এনেদৰে মন্তব্য কৰে ৷

সন্থাই দাবী কৰে যে, মোডী চৰকাৰৰ অধীনত আয়ুস্মান ভাৰত, প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা (PMJAY) আঁচনি মুকলি হোৱাৰ পাচতে পৰিস্থিতি আৰু বিষম হৈ পৰিছে ৷

ইটিভি ভাৰতৰ সৈতে Association of Health Providers in India (AHPI) ৰ প্ৰৱন্ধক ড: গিৰিধৰ জ্ঞানীয়ে কয় যে, স্বাস্থ্য মন্ত্ৰণালয় আৰু কেন্দ্ৰীয় বিত্ত মন্ত্ৰণালয়ক দুবাৰকৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰা হৈছে ৷

"লেনদেনৰ পাঁচদিনৰ ভিতৰত চৰকাৰে 70 শতাংশ টকা পৰিশোধ কৰিব লাগে ৷ কিন্তু বহুকেইটা মাহ পাৰ হৈ যোৱাৰ পাচতো চিকিৎসালয় কেইখনক চৰকাৰে ধন আদায় দিয়া নাই ৷ এয়া এটা গুৰুত্বপূৰ্ণ বিষয়৷"

ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহ নগদবিহীন হৈ পৰিলে 37 লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ লগতে তেওঁলোকৰ সহায়ত চিকিৎসা সুবিধা লাভ কৰা সকলো লোক সমস্যাত ভূগিব ৷ ইয়াৰোপৰি, এই সিদ্ধান্ত গ্ৰহণ কৰিলে CGHS ৰ অধীনৰ পেঞ্চনাৰ আৰু 52 লাখ প্ৰাক্তন সেনা জোৱান প্ৰভাৱান্বিত হ'ব ৷

জুলাই আৰু ডিচেম্বৰ মাহত কেন্দ্ৰীয় বিত্ত মন্ত্ৰণালয়লৈ দুখনকৈ বিল সম্পৰ্কীয় স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল ৷ কিন্তু চৰকাৰৰ পৰা এই সম্পৰ্কত কোনো উত্তৰ লাভ নকৰিলে বুলি মন্তব্য কৰে জ্ঞানীয়ে ৷

যিহেতু এক নিৰ্দিষ্ট সময়ৰ অন্তত চিকিৎসালয়ৰ কৰ্মচাৰী সকলৰ দৰমহা বৃদ্ধি কৰিবলগা হয় সেয়েহে বিষয়টোৱে জটিলতাৰ ফালে গতি কৰিছে ৷

জ্ঞানীয়ে কয় যে, ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ এই সিদ্ধান্ত কাৰ্যকৰী হ'লে প্ৰায় প্ৰতিটো খণ্ডৰে চৰকাৰী কৰ্মচাৰীসকল বাৰুকৈয়ে প্ৰভাৱান্বিত হ'ব ৷

জ্ঞানীয়ে লগতে কয় যে, পুঁজিৰ অভাৱৰ বাবে চিকিৎসালয়সমূহে কৰ্মচাৰী সকলক দৰমহা প্ৰদানত জটিলতাৰ সন্মুখীন হৈছে ৷

তেওঁ কয়, "কৰ্মচাৰীৰ দৰমহা পৰিশোধৰ বাবে এখন চিকিৎসালয়ে কিমান দিন ঋণ ল'বলগীয়া অৱস্থাৰ সৃষ্টি হ'ব ৷"

আৰু পঢ়ক : NCRB ধৰ্ষণ প্ৰতিবেদন, 2018 ৰ শীৰ্ষত অসম

ABOUT THE AUTHOR

...view details