নিউজ ডেস্ক, 13 জুলাইঃ কেন্দ্ৰীয় চৰকাৰ স্বাস্থ্য আঁচনি (CGHS) ৰ অধীনত দিল্লীত বেচৰকাৰী হাস্পতালসমূহত মহামাৰী COVID-19 ৰ আক্ৰান্ত অন্য ৰাজ্যৰ ৰোগীসকলে দিব লাগিব দিল্লী চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া চিকিৎসাৰ মাচুল ৷ যেতিয়ালৈকে দেশৰ বিভিন্ন ৰাজ্যসমূহে COVID-19 ৰ আক্ৰান্ত আক্ৰান্ত ৰোগীৰ বাবে চিকিৎসাৰ মাচুল নিৰ্ধাৰণ নকৰে তেতিয়ালৈকে দিল্লীৰ বেচৰকাৰী হাস্পতালসমূহত এনেদৰে মাচুল দিব লাগিব বুলি সদৰি কৰে দিল্লী চৰকাৰে ৷
COVID-19: বহিঃৰাজ্যৰ আক্ৰান্তৰ চিকিৎসাৰ বাবে মাচুল নিৰ্ধাৰণ দিল্লী চৰকাৰৰ - দিল্লী চৰকাৰ
দিল্লীত বেচৰকাৰী হাস্পতালসমূহত বহিঃৰাজ্যৰ COVID-19 ৰ আক্ৰান্ত ৰোগীসকলে দিব লাগিব দিল্লী চৰকাৰে নিৰ্ধাৰণ কৰা চিকিৎসাৰ মাচুল ৷ কেন্দ্ৰীয় চৰকাৰ স্বাস্থ্য আঁচনি (CGHS) অধীনতে দিব লাগিব এই মাচুল ৷ দেশৰ ভিন্ন ৰাজ্যসমূহে COVID-19 ৰ আক্ৰান্ত ৰোগীসকলৰ বাবে চিকিৎসা মাচুল নিৰ্ধাৰণ নকৰালৈকে দিব লাগিব এই মাচুল ৷
CGHS ৰ সঞ্চালকে এক বিবৃতিযোগে সদৰি কৰা অনুসৰি, CGHS লাভ কৰা প্ৰাৰ্থীসকলে বেচৰকাৰী হাস্পতালসমূহত COVID-19 ৰ চিকিৎসা ভিন্ন ৰাজ্যৰ চৰকাৰে নিৰ্ধাৰণ কৰা পেকেজৰ ভিত্তিত কৰা হ'ব ৷ আনহাতে, যদিহে ৰাজ্য চৰকাৰ সমূহে CGHS চহৰসমূহত এনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই তেতিয়া সেই COVID-19 ত আক্ৰান্ত ৰোগীসমলৰ বাবে দিল্লী চৰকাৰে নিৰ্ধাৰণ কৰা চিকিৎসাৰ মাচুল ৰোগীসকলে দিব লাগিব ৷ বিগত 10 জুলাইত এক বিবৃতি যোগে এই কথা প্ৰকাশ কৰিছে দিল্লী চৰকাৰে ৷
আনহাতে, দিল্লী চৰকাৰে বিগত মাহত 8000-10,000 টকাৰ ভিতৰত যিকোনো ব্যক্তিগত হাস্পতালত COVID-19 ৰ আইচিইউৰ বিচনা প্ৰদান কৰিবলৈ নিৰ্দেশ দিছিল ৷ তাৰোপৰি ভেণ্টিলছেনৰ সৈতে আইচিইউৰ বিচনাৰ বাবদ প্ৰতিদিনে 15,000-18,000 টকাকৈ চিকিৎসাৰ মাচুল নিৰ্ধাৰণ কৰি দিছিল ৷