নিউজ ডেস্ক, ৬ জুলাই :উত্তৰ প্ৰদেশৰ মীৰাট জিলাত সোমবাৰে এখন ব্যক্তিগত চিকিৎসালয়ৰ পঞ্জীয়ন প্ৰশাসনে বাতিল কৰিবলৈ বাধ্য হয় । অভিযোগ অনুসৰি, চিকিৎসালয়খনৰ কৰ্মচাৰীয়ে টকাৰ বিনিয়মত কৰ'ণা ভাইৰাছৰ ৰিপো'ৰ্ট নিগেটিভ প্ৰদান কৰি আহিছিল । ইতিমধ্যে ছ'চিয়েল মিডিয়াত চিকিৎসালয়খনৰ এই সম্পৰ্কত এটা ভিডি'অ ভাইৰেল হৈ পৰিছে ।
জিলা দণ্ডাধীশ গৰাকীয়ে জনোৱা অনুসৰি, চিকিৎসালয়খনৰ এটা ভিডি'অ ভাইৰেল হৈছিল আৰু সেই সম্পৰ্কত আমি গোচৰ ৰুজু কৰিছিলো । ইতিমধ্যে, চিকিৎসালয়খনৰ পঞ্জীয়ন বাতিল কৰাৰ লগতে চিকিৎসালয়খন বন্ধ কৰি দিয়া হৈছে । বৰ্তমানে তীব্ৰ গতিত তদন্ত অব্যাহত থকা বুলি দণ্ডাধীশ গৰাকীয়ে জানিবলৈ দিয়ে ।
ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডি'অটোত চিকিৎসালয়খনৰ এগৰাকী কৰ্মচাৰীয়ে ২৫ হাজাৰ টকাৰ বিনিময়ত ৰিপো'ৰ্ট নিগেটিভ প্ৰদান কৰিব বুলি উল্লেখ কৰা হৈছে ।