নেশ্যনেল ডেস্ক,1 এপ্ৰিল : কৰ'ণা ভাইৰাছ আতংকৰ পৰিপ্ৰেক্ষিতত বুধবাৰে মেঘালয়ৰ শ্বিলং জিলাত জেলৰ পৰা মুকলি কৰি দিয়া হৈছে 94 জনকৈ কাৰাবন্দীক ৷ কৰ'ণা ভাইৰাছ সংক্ৰমণ ৰোধ কৰিবৰ বাবে ভিৰ কম কৰাৰ উদ্দেশ্যে এই কাৰাবন্দীসকলক মুকলি কৰা হয় ৷
মেঘালয় উচ্চ ন্যায়ালয়ৰ অধিবক্তা, মেঘালয় ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ (MSLSA)অধ্যক্ষ, মুখ্য ন্যায়াধীশৰ এখন উচ্চস্তৰীয় বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷
এক বিবৃতিত প্ৰকাশ পোৱা অনুসৰি, 31 মাৰ্চ,2020 ত শ্বিলঙৰ জিলা কাৰাগাৰৰ পৰা 94 জন লোকক মুকলি কৰা হৈছে ৷ এই লোকসকল পূৱ খাচী হিলচ জিলাৰ বুলি জানিব পৰা গৈছে ৷