নিউজ ডেস্ক, ২ জুলাই :তেল বিপনন উদ্যোগ সমূহে বৃহস্পতিবাৰে পেট্ৰ'ল-ডিজেলৰ মূল্য পুনৰবাৰ অপৰিৱৰ্তিত ৰখাৰ পিচত বিগত ২৬ দিনৰ ভিতৰত ২২ দিনেই মূল্য বৃদ্ধিৰ পিচত ইন্ধনৰ মূল্য অত্যাধিকভাবে বৃদ্ধি পাই আহিছে । ৭ জুনৰ পৰা আৰম্ভ হৈ ৰাষ্ট্ৰীয় ৰাজধানী নতুন দিল্লীত পেট্ৰ'লৰ ৯.১৭ টকা আৰু ডিজেলৰ ১১.১৪ টকা মূল্য বৃদ্ধি হয় । যদিওবা অন্য চহৰতো নিতৌ বৃদ্ধি পাই আহিছিল এই মূল্য । কিন্তু প্ৰশ্ন হয় কিয় প্ৰতিনিদেই বৃদ্ধি পাই আহিছে এই মূল্য ?
২০১০ চনত ইউ পি এ চৰকাৰে ইন্ধনৰ মূল্য নিয়ন্ত্ৰিত কৰিব নোৱাৰৰ ফলত ইন্ধন উদ্যোগ সমূহে অপৰিশধিত তেলৰ ওপৰত ভিত্তি কৰি তেলৰ দাম নিদ্ধাৰণ কৰিছে । তেতিয়াৰ পৰাই পেট্ৰ'ল, ডিজেলৰ ক্ষেত্ৰত চৰকাৰৰ নিয়ন্ত্ৰণ আঁতৰি গৈছিল আৰু ২০১৪ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ চৰকাৰখন যেতিয়া ক্ষমতালৈ আহিছিল তেওঁলোকেও সেই একেটা ক্ষমতা বা নীতিকে বাহাল ৰাখিছিল ।
তথ্য অনুসৰি, ২০০৮ চনত তেলৰ মূল্য সৰ্বাধিক হৈছিল । সেই সময়ত আন্তঃৰাষ্ট্ৰীয় বজাৰত তেলৰ মূল্য প্ৰতি বেৰলত আছিল ১৩২ ডলাৰ । কিন্তু তেতিয়াও পেট্ৰ'লৰ মূল্য প্ৰতি লিটাৰত মাত্ৰ ৫০ টকা আছিল । তথ্য অনুসৰি, ২০১৪ চনত এনডিয়ে চৰকাৰে শাসন লোৱাৰ পিচত বিশ্বৰ বজাৰত প্ৰতি বেৰল তেলৰ মূল্য হৈছিল ১০৯ ডলাৰ । সেই সময়ত কলিকতাত প্ৰতি লিটাৰ পেট্'লৰ মূল্য ৭৯ টকা আৰু ডিজেলৰ মূল্য ৬২ টকা ।
আনহাতে, বৰ্ধিত দাম সম্পৰ্কত বিশেষজ্ঞ সকলে বহু কেইটা কাৰণ দৰ্শাইছে । পশ্চিম বংগৰ পেট্ৰ'ল-ডিজেল এছচিয়েচনৰ সচিব সুৰজিৎ কোলে জনাই যে, এই সময়ত বিশ্ব বজাৰত প্ৰতি লিটাৰ কেঁচা তেলৰ মূল্য প্ৰতি বেৰলত প্ৰায় ৪০ ডলাৰ । লক্ ডাউনৰ সময়ত কেঁচা তেলৰ মূল্য বহুত কম আছিল কিন্তু সেই সময়তো ভাৰতে তৃলৰ মূল্য হ্ৰাস কৰিব পৰা নাছিল । কিন্তু ভাৰতত যিটো হাৰত তেলৰ মূল্য বৃদ্ধি পাই আছে সেই অনুপাতে বিশ্ব বজাৰত তেলৰ মূল্য ইমান বৃদ্ধি হোৱা নাই । লগতে বিশেষজ্ঞ গৰাকীয়ে ইন্ধন সম্পৰ্কত কেইটামান প্ৰশ্ননৰ জৰিয়তে বিষয়টো সকলোকে বুজাবলৈ চেষ্টা কৰিছে ।