অসম

assam

ETV Bharat / bharat

গৰ্ভৱতী মহিলাক চিকিৎসালয়ত ভৰ্তি কৰোৱাত অৱহেলা চিকিৎসালয় কৰ্তৃপক্ষৰ

ভোটাৰ পৰিচয় নথকাৰ বাবে মিজোৰামৰ ত্লাবুঙৰ এখন চিকিৎলয়ত এগৰাকী গৰ্ভৱতী মহিলাক ভৰ্তি কৰোৱাৰ পৰা বিৰত থাকে চিকিৎসালয় কৰ্তৃপক্ষ ।

PRESS NOTE OF NATIONAL COMMISSION FOR WOMEN
PRESS NOTE OF NATIONAL COMMISSION FOR WOMEN

By

Published : May 6, 2020, 4:47 PM IST

নিউজ ডেস্ক, 6 মে': ৰাষ্ট্ৰীয় মহিলা আয়োগক এক টুইটাৰ প'ষ্টত টেগ কৰা হৈছে । য'ত আৰোপ কৰা হৈছিল যে, ভোটাৰ পৰিচয় নথকাৰ বাবে মিজোৰামৰ ত্লাবুঙৰ এখন চিকিৎলয়ত এগৰাকী গৰ্ভৱতী মহিলাক ভৰ্তি কৰোৱাৰ পৰা বিৰত থাকে কৰ্তৃপক্ষ ।

এই কাৰ্যক লৈ হতভম্ব হৈ পৰে আয়োগৰ কৰ্মকৰ্তাসকল । লক্ ডাউন তথা COVID-19ৰ এনে সময়চোৱাত চিকিৎসালয় কৰ্তৃপক্ষই কৰা এনে অৱহেলাত, মহিলাগৰাকীৰ দুৰ্দশাক লৈ তেওঁলোক চিন্তিত হৈ পৰিছে ।

আয়োগে মিজোৰামৰ সচিব পু লালনুনমাৱিয়ালৈ এই সন্দৰ্ভত তৎকালীন তদন্ত কৰিবলৈ আৰু ভৱিষ্যতে যাতে এনে ঘটনাৰ পুণৰাবৃত্তি নহয়, তাৰ বাবে চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে উচিত ব্যৱস্থা ল'বলৈ আহ্বান জনাইছে ।

লগতে পঢ়কঃভাৰতত COVID-19ৰ শেহতীয়া তথ্য

ABOUT THE AUTHOR

...view details