অসম

assam

ETV Bharat / bharat

উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ ওপৰত পুনৰীক্ষণৰ আৱেদন নিষ্প্ৰয়োজনঃ চৈয়দ আহমদ বুখাৰী - অযোধ্যা বিবাদৰ ৰায়দান

অযোধ্যা বিবাদৰ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দানৰ সন্দৰ্ভত জামে মছজিদৰ শ্বাহী ইমাম চৈয়দ আহমদ বুখাৰীৰ সৈতে ই টি ভি ভাৰতৰ এক বিশেষ সাক্ষাৎকাৰ ৷

উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ ওপৰত পুনৰীক্ষণৰ আৱেদন নিষ্প্ৰয়োজনঃ চৈয়দ আহমদ বুখাৰী

By

Published : Nov 9, 2019, 7:48 PM IST

নতুন দিল্লী,9 নৱেম্বৰঃ দেশৰ আটাইতকৈ বিৰ্তকিত অযোধ্যা বিবাদ গোচৰৰ শনিবাৰে উচ্চতম ন্যায়ালয়ে চূড়ান্ত ৰায়দান প্ৰদান কৰে ৷ ন্যায়ালয়ৰ ৰায়দান সন্দৰ্ভত জামে মছজিদৰ শ্বাহী ইমাম চৈয়দ আহমদ বুখাৰীয়ে ইটিভি ভাৰতৰ সৈতে হোৱা এক চমু সাক্ষাৎকাৰত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷ শ্বাহী ইমামগৰাকীয়ে কয়, "যিহেতু উচ্চতম ন্যায়ালয়ে ইতিমধ্যে বিষয়টোৰ চূড়ান্ত ৰায়দান দিছে ৷ গতিকে এতিয়া পুনৰীক্ষণৰ আৱেদন কৰাটো নিষ্প্ৰয়োজন ৷" তেওঁ লগতে কয় যে, 135 বছৰীয়া দেশৰ অন্যতম পুৰণি গোচৰটোৰ আসন্ন ৰায়ক লৈ বহু আগতেই দেশৰ মুছলমান সমাজে সিদ্ধান্ত গ্ৰহণ কৰিছিল যে ন্যায়ালয়ে যি ৰায়েই প্ৰদান নকৰক কিয় তাক সম্পূৰ্ণৰূপে পালন কৰা হ'ব ৷

উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ ওপৰত পুনৰীক্ষণৰ আৱেদন নিষ্প্ৰয়োজনঃ চৈয়দ আহমদ বুখাৰী

আনহাতে ৰায়দানৰ পুনৰীক্ষণৰ ক্ষেত্ৰত বুখাৰীয়ে কয় যে ন্যায়ালয়ে যি সিদ্ধান্ত এতিয়া প্ৰদান কৰিছে সেইয়া পুনৰীক্ষণৰ পাছতো প্ৰদান কৰাৰ সম্ভাৱনাই অধিক ৷ গতিকে এনে পৰিস্থিতিত পুনৰীক্ষণৰ বিষয়টো তেওঁৰ মানত অপ্ৰাসংগিক বুলি অভিহিত কৰে ৷

তেখেতে এই বিবাদক ইমানতেই সামৰণি মৰাৰ লগতে সকলো পক্ষকে শান্তি-সম্প্ৰীতি আৰু সদ্ভাৱ বৰ্তাই ৰাখিবলৈ আহ্বান জনায় ৷

আনহাতে উচ্চতম ন্যায়ালয়ে চুন্নী ৱাকফ বৰ্ডক 5 একৰ ভূমি মছজিদ নিৰ্মাণৰ বাবে প্ৰদান কৰিবলৈ দিয়া ৰায়দানত প্ৰতিক্ৰিয়া ব্যক্ত কৰি বুখাৰীয়ে এইক্ষেত্ৰত ৱাকফ বৰ্ডৰ সকলো আলিম-উলেমা সমাজক ইয়াৰ সন্দৰ্ভত বিস্তৃত আলোচনা কৰাৰ পৰামৰ্শ প্ৰদান কৰে ৷

আৰু পঢ়কউচ্চতম ন্যায়ালয়ৰ ৰায়দানত অসন্তুষ্ট মুছলীম পাৰ্চনেল ল' বৰ্ড

ABOUT THE AUTHOR

...view details