নেশ্যনেল ডেস্ক,24 ফেব্ৰুৱাৰী :ইতিমধ্যে ভাৰতৰ ভূমিত পদাৰ্পণ কৰিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ৷ আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ দুদিনীয়া ভাৰত ভ্ৰমণ কাৰ্যসূচীত তেওঁৰ সৈতে আহিছে আমেৰিকাৰ ফাৰ্ষ্টলেডী পত্নী মেলেনিয়া ট্ৰাম্প আৰু তেওঁৰ জীয়ৰী ইভাকা ট্ৰাম্প আৰু জোঁৱায়েক জাৰেড কুশ্বনাৰ ৷
আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ সুৰক্ষাৰ বাবে হাইটেক টেকন'লজিৰ দ্বাৰা সাজু কৰা হৈছে আৰক্ষীক বাহিনীক ৷ লগতে আমেৰিকা সুৰক্ষা এজেন্সিৰ মতে প্ৰথমবাৰৰ বাবে আৰক্ষীয়ে ব্যৱহাৰ কৰিছে গুগল টেগিং, যাৰ দ্বাৰা আমেৰিকাৰ সুৰক্ষাৰ মুখ্য কাৰ্যালয় পেন্টাগনৰ পৰা পোনপটীয়াকৈ নিৰীক্ষণ ৰাখিব পাৰিব ৷ ইফালে আমেৰিকা ৰাষ্ট্ৰপতিৰ আজি তাজমহল পৰিদৰ্শন কাৰ্যসূচীৰ বাবে আগ্ৰাৰ বিমান বন্দৰ পৰা তাজমহললৈ 10 হাজাৰ আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে ৷
আনহাতে ৰাষ্ট্ৰপতি সুৰক্ষাত ব্যৱহাৰ কৰা হৈছে অভেদ্য অস্ত্ৰ 'এন্টি ড্ৰোণ' ৷ এই 'এণ্টি ড্ৰোণ'সম্পূৰ্ণৰূপে ভাৰতত তৈয়াৰী আৰু যিকোনো প্ৰকাৰৰ 'ড্ৰোণ'ক ধ্বংস কৰাত সক্ষম ৷ লগতে তাজমহলৰ আশে-পাশে 10 হাজাৰ আৰক্ষী বাহিনীৰ লগতে অৰ্দ্ধসামৰিক বাহিনীও মোতায়েন কৰা হৈছে ৷
লগতে পঢ়ক:ড'নাল্ড ট্ৰাম্পৰ ভাৰত ভ্ৰমণৰ কাৰ্যসূচী বিশেষ
কেনে হ'ব সুৰক্ষাৰ বিশেষ পৰিকল্পনা ?
* আগ্ৰাৰ বিমান বন্দৰ পৰা তাজমহলৰ এই 14 কিলোমিটাৰ পথৰ কৰা হ'ব গুগল মেপিং
* উক্ত পথচোৱাত থকা 14 স্থানত চিচিটিভি দ্বাৰা নিৰীক্ষণ ৰখা হ'ব ৷
* লগোৱা হৈছে 360 ডিগ্ৰী ঘূৰ্ণন হাই ৰেগুলেশ্বন চিচিটিভি কেমেৰা ৷
* যমুনা নৈত পিএচি ৰ কামাণ্ডো নৌকাৰ দ্বাৰা নিৰীক্ষণ ৰখা হ'ব ৷
কি কি সুৰক্ষা বাহিনী মোতায়েন থাকিব ?
* 11 কোম্পানীৰ পেৰামিলিটেৰী বাহিনী
* 11 কোম্পানীৰ পিএছি বাহিনী