নিউজ ডেস্ক, 25 ফেব্ৰুৱাৰীঃ দুদিনীয়া ভ্ৰমণসূচীৰে সপৰিয়ালে ভাৰতলৈ আহিছে মাৰ্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প ৷ প্ৰথম দিনাৰ কাৰ্যসূচী হিচাপে ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প আৰু তেওঁৰ পত্নী মেলানিয়াই ভ্ৰমণ কৰে প্ৰেম নগৰী আগ্ৰা ৷ দুয়ো ভ্ৰমণ কৰে বিখ্যাত প্ৰেমৰ স্মৃতিসৌধ 'তাজমহল' ৷ তাজমহলৰ আঁৰৰ কাহিনী জানিব পাৰি অভিভূত হৈ পৰে ট্ৰাম্প দম্পতি ৷ শ্বাশ্বত প্ৰেমৰ উদাহৰণ দাঙি ধৰা প্ৰেমৰ এই প্ৰতীকৰ প্ৰতি আকৰ্ষিত হোৱাৰ লগতে ছাহজাহান আৰু তেওঁৰ প্ৰেম কাহিনীক যথেষ্ট প্ৰশংসা কৰে ট্ৰাম্প দম্পতিয়ে ৷ ট্ৰেভেল গাইডে জনোৱা মতে, প্ৰেমৰ স্মৃতিসৌধটো চাৰিওফালৰ পৰা পৰিদৰ্শন কৰে দুয়োৱে ৷
দুয়োৱে ভৱিষ্যতেও স্মাৰকটো পুনৰ চোৱাৰ ইচ্ছা ব্যক্ত কৰে ৷ তাজমহল চোৱাৰ পিছতে তেওঁলোকৰ মুখত প্ৰথম শব্দটো আছিল 'অতুলনীয়' ৷ তেওঁলোকৰ ট্ৰেভেল গাইড নিতিন কুমাৰ সিঙে জনোৱা মতে, তেওঁ তাজমহলৰ বিষয়ে বিস্তাৰিত ভাৱে বৰ্ণনা দিছিল ট্ৰাম্প দম্পতীক আৰু তেওঁলোকেও যথেষ্ট গভীৰতাৰে ছাহজাহান আৰু মমতাজৰ প্ৰেম কাহিনী শুনিছিল ৷