স্পৰ্টছ ডেস্ক, 29 আগষ্টঃ সমগ্ৰ দেশতে 29 আগষ্টত পালন কৰা হয় ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস ৷ কিংবদন্তী খেলুৱৈ তথা ‘‘হকীৰ যাদুকৰ’’ নামেৰে খ্যাত মেজৰ ধ্যানচান্দৰ 114 তম জন্মদিন উপলক্ষে সমগ্ৰ দেশত পালন কৰি অহা হৈছে ‘‘ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস’’ ৷ এই ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসতেই প্ৰত্যক বছৰে খেলজগতত সুনাম কঢ়িয়াই অনা খেলুৱৈসকলক সন্মানিত কৰা হয় ৷ এই দিনটোতে ৰাষ্ট্ৰপতিৰ দ্বাৰা প্ৰদান কৰা হয় দেশৰ সৰ্বোচ্চ খেল বঁটা ৰাজীৱ গান্ধী খেল ৰত্ন, ধ্যানচান্দ বঁটা, অৰ্জুন বঁটা, দ্ৰোণাচাৰ্য বঁটা ৷ প্ৰত্যক বছৰৰ দৰে এইবাৰো ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দে প্ৰদান কৰে এই বঁটা ৷ কোন-কোন খেলুৱৈয়ে কি বঁটা লাভ কৰিলে চাও আহক-
ৰাজীৱ গান্ধী খেল ৰত্ন বঁটাঃ এই বৰ্ষত এই বঁটা লাভ কৰে
- বজৰং পুনীয়া (মল্লযুঁজ)
- দীপা মালিক (পেৰা এথলিট)
অৰ্জুন বঁটাঃ
- তাজিন্দৰপাল সিং তুৰ (এথলেটিকছ)
- মহম্মদ অনছ য়াহিয়া (এথলেটিকছ)
- এছ ভাস্কৰণ( বডী বিল্ডিং)
- ছনিয়া লাঠেৰ (বক্সিং)
- ৰবিন্দ্ৰ জাডেজা (ক্ৰিকেট)
- চিংগলেনছানা সিং কংগুজম (হকী)
- অজয় ঠাকুৰ (কাৱাডী)
- ৰাজুল দেছাই (টেবুল টেনিছ)
- পুজা ঢাণ্ডা ( মল্লযুঁজ)
- ফৱদ মিৰ্জা (হৰ্ছৰাইডিং)
- গুৰপ্ৰীত সিং চন্ধু (ফুটবল)
- পুনম যাদৱ (ক্ৰিকেট)
- স্পনা বৰ্মন (এথলেটিকছ)
- সুন্দৰ সিং গুৰ্জৰ (পেৰা এথলেটিকছ)
- ভামিদপতি ছাই প্ৰণীত ( বেডমিণ্টন)
- শিমৰণ শ’ৰগিল (প’ল’)